Rupaliparda.com

“দিৱানগী” গীতটিত কিয় নাছিল আমিৰ খান??

বলীঊডৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ ও পৰিচালক ফাৰাহ খানে ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়াত উপস্থিত হৈ নিজৰ ব্যক্তিগত জীৱনৰ কিছু কথা ব্যক্ত কৰাৰ লগতেই “ঔঁম শান্তি ঔঁম” ৰ জনপ্ৰিয় গীতটোৰ কথাও ব্যক্ত কৰে।


ছবিখনৰ “দিৱানগী” গীতটোত শ্বাহৰুখ, ছলমান, শিল্পা ছেট্টী, প্ৰীতি জিন্টা, গোবিন্দ, জিতেন্দ্ৰ লগতে কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা গৈছিল। কিন্তু গীতটিত দৰ্শকে দেখিবলৈ পোৱা নাছিল আমিৰ খানক।

"দিৱানগী" গীতটিত কিয় নাছিল আমিৰ খান?? 1


গীতটিত আমিৰ খান “কিয়” নাছিলে এই কথা খুলি কয় ফাৰাহ খানে। তেওঁ কয় যে “মই আমিৰ খানক গীতটোত আনিবলৈ চেষ্টা কৰিছিলো; মই বিচাৰিছিলো তিনিওজন খানৰ সৈতেই একেলগে এটা শ্বট। কিন্তু, তেওঁ নিজৰ ছবিৰ ইডিটিংত ব্যস্ত হৈ আছিল আৰু পিছলৈ আমিৰে মোক জনাইছিল যে তেওঁ এই গীতটোত আহিব বিচৰা নাছিল।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform