Rupaliparda.com
"একটিভ ও ষ্ট্ৰেইট" অভিনেত্ৰী অমৃতাৰ জন্মদিনঃ 1

“একটিভ ও ষ্ট্ৰেইট” অভিনেত্ৰী অমৃতাৰ জন্মদিনঃ

অসমীয়া চলচিত্ৰ জগতত এক জনপ্ৰিয় নাম হৈছে অমৃতা গগৈ। শিৱসাগৰত জন্ম লাভ কৰা অমৃতা গগৈ অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী প্ৰশিক্ষিত সত্ৰীয়া শিল্পী। ৰং চেনেলৰ দ্বাৰা আয়োজিত “মই অসম দেশৰ ছোৱালী” ৰ খিতাপ লাভ কৰা অমৃতা গগৈ চিৰিয়েল “ৰাগিণী” ৰ পৰা লাভ কৰিছিল চিনেমাৰ প্ৰজেক্ট। “ছয়গাঁৱৰ চম্পা” চিনেমাখন তেওঁৰ চিনেমাৰ প্ৰথমটো প্ৰজেক্ট আছিল যদিও “অহেতুক” খন প্ৰথমে মুক্তি লাভ কৰাৰ বাবে অমৃতা গগৈৰ জীৱনৰ প্ৰথমখন চিনেমা বুলি ধৰা হয় “অহেতুক” ছবিখনক।

"একটিভ ও ষ্ট্ৰেইট" অভিনেত্ৰী অমৃতাৰ জন্মদিনঃ 2


এখোজ-দুখোজকৈ আগবাঢ়ি চলচিত্ৰ জগতখনত নিজৰ চিনাকী দিয়া এইগৰাকী শিল্পীয়ে আজি উদযাপন কৰিছে তেওঁৰ জন্ম উৎসৱ। জনপ্ৰিয় অভিনত্ৰী অমৃতা গগৈক সমূহ ৰূপালী পৰ্দাৰ কৰ্মকতাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

"একটিভ ও ষ্ট্ৰেইট" অভিনেত্ৰী অমৃতাৰ জন্মদিনঃ 3


কিছুদিন পূৰ্বে ৮ বছৰীয়া প্ৰেমৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল অভিনেত্ৰী অমৃতাই। যোৰহাটৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কনিষ্ঠ অভিযন্তা মনদ্বীপ কাকতিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল অভিনেত্ৰী গৰাকী।

"একটিভ ও ষ্ট্ৰেইট" অভিনেত্ৰী অমৃতাৰ জন্মদিনঃ 4


ডিচেম্বৰ ৬ তাৰিখে মুক্তিপ্ৰাপ্ত “প্ৰতিঘাত” ছবিখনত কৰা অভিনয়ে অমৃতা গগৈৰ প্ৰতি দৰ্শকক আৰু অধিক আকৰ্ষিত কৰিছিল বুলি ক’লেও হয়টো অতি ৰঞ্জিত নহ’ব। কেৱল মাত্ৰ অভিনয়ে নহয়; অভিনেত্ৰী গৰাকীয়ে বিভিন্ন ক্ষেত্ৰত দিয়া মন্তব্য সমূহেও তেওঁৰ অনুৰাগী কৰি তোলে যথেষ্ট লোকক। পুনৰ বাৰ অভিনেত্ৰী গৰাকীৰ জন্মদিনৰ জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.