১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা “শ্বোলে” দৰ্শকক প্ৰথম সপ্তাহত ছবিগৃহলৈ টানি নিব পৰা নাছিল। ৩ ঘণ্টা দৈৰ্ঘ্যৰ বোলছবি খনে পোৱা প্ৰায় মন্তব্যই আছিল ঋণাত্মক। কিন্তু পিছলৈ লাহে লাহে ছবিগৃহলৈ দৰ্শকৰ সোঁত ব’বলৈ আৰম্ভ কৰিলে। মানুহৰ মুখে মুখে কেৱল মাত্ৰ গানেই নহয়; উচ্চাৰিত হৈছিল বোলছবিখনৰ সংলাপো আৰু তেতিয়াৰ পৰাই “শ্বোলে” লাভ কৰিছিল সফলতাৰ সোৱাদ। প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত জনপ্ৰিয় উক্ত বোলছবিখন। ইয়াৰ পিছত বোলছবিখনৰ পৰিচালক ৰমেশ চিপ্পিৰ আৰু কোনো ছবিয়ে “শ্বোলে” ৰ সমান বস্ক অফিচত জনপ্ৰিয় হোৱা নাই। কাৰিকৰী দিশৰ পৰা ভালদৰে নিৰ্মিত “শ্বোলে” আছিল এনেকুৱা এখন চিনেমা য’ত বিদেশৰ পৰা উপাদান ধাৰ কৰি ভাৰতীয় মূল্যবোধৰ সৈতে মিশ্ৰণ ঘটাই জনসাধাৰণৰ মাজত উলিয়াই দিয়া হৈছিল।
দৃশ্যগ্ৰহণৰ ক্ষেত্ৰতো ছবিখনে জনসাধাৰণক চুই যাব পাৰিছিল, যেনে: বিদ্যুৎ নোহোৱা গাঁওখনত ঠাকুৰৰ বিধৱা বোৱাৰীয়ে লেম্প জ্বলোৱা বা নমোৱা,বসন্তীয়ে প্ৰেমত প্ৰতাৰিত হৈ আত্মহত্যা কৰিব লোৱা দৃশ্য ইত্যাদি। হাস্যৰস প্ৰদানৰ ক্ষেত্ৰতো “শ্বোলে” আছিল অন্যতম। ছবিখনৰ কিছু দৃশ্যত ব্যৱহাৰ কৰা গভীৰতাই দৰ্শকক নিজ নিজ ভাৱনাৰ লগত খেলিবলৈ বাধ্য কৰিছিল। ঠাকুৰৰ পৰিয়ালৰ হত্যা, শিশুটিৰ চকুৰ সন্মুখত গব্বৰৰ বন্দুকৰ গুলী, কেইবাটাও হত্যা হোৱাৰ পিছত যিকোনো মহুুৰ্তত তাৰ বন্দুক গৰজি উঠিব পাৰে। দৰ্শকৰ উৎকন্ঠা কোন সময়ত গুলী বৰ্ষণ হ’ব ; শব্দহীন চাৰিওফাল; কেৱল মাত্ৰ ঝুলনা এখনৰ ক্ৰেক ক্ৰেক শব্দ। মুঠতে ক’বলৈ গ’লে “শ্বোলে” ত প্ৰত্যাহ্বান মূলক কাম আছিল বহুত; কিন্তু এই সকলোবোৰত সফল হৈছিল পৰিচালক চিপ্পি।
এটা কথা ঠিক যে, “শ্বোলে” ত ব্যৱহৃত সংলাপৰ পিছতেই মুক্তিপ্ৰাপ্ত বোলছবিয়ে সংলাপৰ ক্ষেত্ৰত মান্যতা লাভ কৰিবলৈ ধৰিছে। পূৰ্বতে, বোলছবিবোৰৰ সংলাপ আছিল কাব্যগন্ধী; কিন্তু “শ্বোলে” এই ধাৰা সলনি কৰাত সফল হয়।
জন্মৰ ৪৪ বছৰ পিছতো “শ্বোলে” জনপ্ৰিয়তা কমা নাই। বোলছবিখনক ইয়াতকৈ আৰু বেছি সফলতা ক’ত লাগে? ছবিখন সকলো দিশৰ পৰা ভাগ্য ভাল হ’লেও বঁটাৰ ক্ষেত্ৰত ভাগ্য নাছিল । ফিল্মফেয়াৰৰ প্ৰতিয়োগিতাত ই লাভ কৰিছিল মাত্ৰ এটা বঁটা- শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা।
Add comment