Rupaliparda.com
একাধাৰে লিখক, কবি তথা সাহিত্যিক মামণি ৰয়চম গোস্বামী: 1

একাধাৰে লিখক, কবি তথা সাহিত্যিক মামণি ৰয়চম গোস্বামী:

মামণি ৰয়চম গোস্বামী; অসমীয়া প্ৰায় সকলো লোকৰ বাবে ই এক চিনাকী নাম। তেওঁৰ কৰ্ম তথা তেওঁৰ কথা লগতে তেওঁৰ লিখনিয়ে অসমীয়া সাহিত্যত তেওঁক এক উচ্চ স্থান দিবলৈ সক্ষম হৈছে। ১৯৪২ চনৰ ১৪ নৱেম্বৰ দিনটোত জন্মগ্ৰহণ কৰা এই গৰাকী সাহিত্যিক, কবি, লিখক মৃত্যুৰ পিছতো প্ৰত্যেকজন অসমীয়াৰ বুকুতেই জীয়াই আছে।

একাধাৰে লিখক, কবি তথা সাহিত্যিক মামণি ৰয়চম গোস্বামী: 2


সমাজত নতুন ধাৰা সৃষ্টিৰ বাবে লিখিছিল মামণি ৰয়চম গোস্বামীয়ে। তেওঁৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। তেওঁৰ সাহিত্য অকাডেমী বঁটা লাভ কৰাৰ লগতে জ্ঞানপীঠ বঁটাও লাভ কৰিছিল। তেওঁ দুখন আত্মকথা লগতে ১২ খন উপন্যাস তথা দুখন জীৱনী আৰু ৫ টা চুটিগল্প আদিকে ধৰি ইংৰাজীতো কিতাপ লিখিছে। তেওঁৰ দ্বাৰা লিখিত প্ৰত্যেকখন কিতাপ বৰ্তমানেও জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয়।

একাধাৰে লিখক, কবি তথা সাহিত্যিক মামণি ৰয়চম গোস্বামী: 3


সাহিত্য অকাডেমী বঁটা, জ্ঞানপীঠ বঁটাৰ লগতে মামণি ৰয়চম গোস্বামীয়ে লাভ কৰিছিল অসম সাহিত্য সভা পুৰস্কাৰ, ভাৰত নিৰ্মাণ পুৰস্কাৰ, কমলকুমাৰী ফাউণ্ডেশ্বন পুৰষ্কাৰ, অান্তঃৰাষ্ট্ৰীয় তুলসী পুৰস্কাৰ ফ্লোৰিডা য়ু এস এ ইত্যাদি।

একাধাৰে লিখক, কবি তথা সাহিত্যিক মামণি ৰয়চম গোস্বামী: 4


২০১১ চনত ২৯ নৱেম্বৰ তাৰিখে মামণি ৰয়চম গোস্বামীয়ে গুৱাহাটীতে ইহলীলা সম্বৰণ কৰে।

Add comment

Leave a Reply