উত্তৰ-পূৰ্বাঞ্চলকে ধৰি বিভিন্ন ক্ষেত্ৰত চলি থকা “কা” বিৰোধী আন্দোলন প্ৰত্যেকদিনাই তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে।
গুৱাহাটী মহানগৰীত চলা এই আন্দোলনত শিল্পী সকলেও আগ-ভাগ লোৱা দেখিবলৈ পোৱা গৈছিল। উক্ত শিল্পীৰ গণ আন্দোলনত আগ-ভাগ লোৱা বৰষা ৰাণীক জনসাধাৰণে বীৰাংগনা মূলা-গাভৰু তথা কনকলতাৰ সৈতে তুলনা কৰা দেখিবলৈ পোৱা গৈছিল।
এনে পৰিপেক্ষিততে, অভিনেত্ৰী গৰাকীয়ে তেওঁক লৈ কৰা তুলনা সমূহক কেন্দ্ৰ কৰি এটি পোষ্ট কৰে; য’ত তেওঁ জনসাধাৰণক লগতে তেওঁৰ অনুৰাগীক মূলা গাভৰু নাইবা কনকলতাৰ সৈতে তুলনা নকৰিবলৈ অনুৰোধ জনায়।
Add comment