ৰণৱীৰ সিং তথা সাৰা আলি খান অভিনীত ছবি “সিম্বা” ৰ এবছৰ পূৰ্ণ হোৱাৰ সময়ছোৱাতে ইয়াৰ নিৰ্মাতাই আকৌ এবাৰ দৰ্শকক উৎসাহিত কৰি তুলিছে। ৰোহিত চেট্টীৰ আগন্তুক ছবি “সূৰ্য়বংশী” ৰ এটা সৰু ভিডিঅ’ দৰ্শকৰ মাজত উলিয়াই দিয়া হৈছে।


অভিনেতা অজয় দেৱগনে নিজ টুইটাৰ একাউন্টত এক ভিডিঅ’ শ্বেয়াৰ কৰে; য’ত সিংঘম আৰু সিম্বা সূৰ্য়বংশীৰ সৈতে একেলগে দেখিবলৈ পোৱা যাব। তেওঁ টুইটাৰত ভিডিঅ’টো দিয়াৰ লগতে তাত কেপছন দিয়ে যে, “তিনি গুণ মনোৰঞ্জন, তিনি গুণ একচন আৰু তিনি গুণ একচনৰ প্ৰতিশ্ৰুতি”।
“সূৰ্য়বংশী” ছবিখনে মুক্তি লাভ কৰিব ২০২০ চনৰ ২৭ মাৰ্চ তাৰিখে। উল্লেখ্য যে,এই ছবিখন ছলমানৰ ছবি “ইনছাল্লাহ” ৰ সৈতে একে দিনাই মুক্তি লাভ কৰাৰ কথা আছিল যদিও পিছলৈ “সূৰ্য়বংশী” ৰ মুক্তিৰ তাৰিখ সলনি কৰি দিয়া হয়।
1 comment