নিত্য-নতুন চিন্তা তথা কাহিনীৰে নিৰ্মিত হৈছে এখনৰ পিছত এখনকৈ অসমীয়া ছবি। ৰীমা দাসৰ “বুলবুল কেন চিং” ছবিখনত চিত্ৰিত ব্যতিক্ৰমী কাহিনীটোৰ দৰেই প্ৰকাশ ডেকাই নিৰ্মাণ কৰিছে আন এক তেনে অসমীয়া ছবি; “ফিয়াৰ ফ্লাইচ( জোনাকী পৰুৱা)।


পুৰুষ এজন যেতিয়া নাৰীৰ প্ৰতি আকৰ্ষিত নহয়; অইন এজন পুৰুষৰ প্ৰতি আকৰ্ষিত হয় তেতিয়া সমাজৰ বিভিন্ন জনে আঙুলি টোঁৱাবলৈ লয় এই পুৰুষজনৰ ওপৰত। শেষত, এনে উপলুঙাৰ পৰা বাচিবলৈ কিছুমানে আত্মহত্যা কৰে আৰু অইন কিছুৱে অইন পথ বাচি লয়। উক্ত কাহিনীৰে আগবঢ়া “ফিয়াৰ ফ্লাইচ” ত “জাহ্নু” নামৰ মূখ্য চৰিত্ৰটো কেনেদৰে “জাহ্নৱী” লৈ পৰিৱৰ্তন হয়; তাকেই দেখুৱওৱা হৈছে।
ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ মুক্তি লাভ কৰাৰ লগতে ই কেইবাটাও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত ছবি সমাৰোহত প্ৰদৰ্শিত হোৱা সুবিধা লাভ কৰিছে।। ছবিখনৰ পৰিচালনাৰ লগতে ইয়াক লিখিছে প্ৰকাশ ডেকাই আৰু ছবিখনৰ প্ৰযোজনা মিলিন দত্তৰ।
Add comment