১৯৭৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “মমতা”। নলীন দুৱৰা দ্বাৰা পৰিচালিত তথা প্ৰফুল্ল দত্ত আৰু শিৱ ঠাকুৰৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনে ১৯৭৩ চনৰ ২১ তম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া চলচিত্ৰ শিতানত ৰজত পদক লাভ কৰে।

গ্ৰাম্য জীৱনৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মিত “মমতা” ত এখন গাঁৱৰ এটা পৰিয়ালৰ গৃহ কন্দল তথা কিছু কথাৰ কটা-কটি লগতে সন্তানৰ মাতৃপ্ৰেম আদিক দেখুওৱা হৈছে।

উল্লেখ্য যে, উক্ত ছবিখনত পৰিচালক নলীন দুৱৰাই চিত্ৰগ্ৰহণকাৰীৰ দায়িত্ব পালন কৰিছিল। এই ছবিখনত অভিনয় কৰিছে ৰুদ্ৰ বৰুৱা,ইভা আচাও,শিৱ ঠাকুৰ, জয়া শইকীয়া আৰু মাষ্টাৰ শোণিত কুমাৰ শইকীয়াই। “মমতা” ত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ভূপেন হাজৰিকাই।
Add comment