ইমান দিনে বিভিন্ন ধৰণে দৰ্শকক আপডেট দি থকা সুবাসনাই আজি সন্ধিয়া মুকলি কৰিব তেওঁৰ নতুন গীতটি। চচিয়েল মিডিয়া যোগে কন্ঠশিল্পী গৰাকীয়ে তেওঁৰ আগন্তক গীতৰ বিভিন্ন পোষ্টাৰ তথা ভিডিঅ’ দি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছিল।


“মইনাকণ বাখৰ” শীৰ্ষক সুবাসনাৰ এই গীতটি সন্ধিয়া ৫ বজাত মুক্তি লাভ কৰিব। গীতটিত তিনি গৰাকী জনপ্ৰিয় অভিনেত্ৰী ক্ৰমে প্ৰিয়ম পল্লৱী, অনন্যা কাশ্যপ আৰু সুনীতা কৌশিক আৰু অভিনেতা উৎপল দাসে অভিনয় কৰিছে।

“মইনাকণ বাখৰ” গীতটিত কথাৰ লগতে সুৰ দিছে চিন্ময় কৌশিক আৰু জয় নিৰ্ভানে আৰু গীতটিত সংগীত পলাগ গগৈৰ।
Add comment