বলীউডৰ চুপাৰষ্টাৰ ছলমান খানে আজি উদযাপন কৰিছে তেওঁৰ ৫৪তম জন্ম উৎসৱ। ৫৪ বছৰ বয়সৰ পিছতো বলীউড ক্ষেত্ৰত সমানে ৰাজত্ব কৰিছে অভিনেতা গৰাকীয়ে। তেওঁৰ ফিটনেছ আৰু অভিনেতা গৰাকীৰ ছবিয়ে এতিয়াও দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

ছলমানে সহকাৰী অভিনেতা ৰূপে নিজ কেৰিয়াৰ আৰম্ভ কৰে “বিবি হৌ ত এছি” ছবিখনৰ পৰা। তাৰ পিছতেই অভিনেতা গৰাকীয়ে “মেনে প্যাৰ ক্যা” ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকৰ হৃদয়ত বাস কৰিবলৈ সক্ষম হৈ পৰে।

ছলমান খানৰ জন্মদিনত কেৱল মাত্ৰ অনুৰাগীয়ে নহয়; কেইবাগৰাকীও বলীউড তাৰকাই তেওঁক চচিয়েল মিডিয়া যোগে জন্মদিনৰ শুভকামনা জনায়। চাওঁ আহকঃ
Add comment