Rupaliparda.com
দাক্ষিণাত্যৰ বোলছবি সন্থাৰ দ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া ছবিঃ 1

দাক্ষিণাত্যৰ বোলছবি সন্থাৰ দ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া ছবিঃ

২০১২ চনত মুক্তিপ্ৰাপ্ত ছবি “বৰলাৰ ঘৰ” হৈছে এখন মালায়ালাম ছবি “মেলেপাৰামবিল আনডুভিৰ” ৰিমেক। ৰোমান্টিক কমেডী এই ছবিখন অসমীয়া আৰু বাংলা এই দুটা সংস্কৰণত মুক্তি কৰি দিয়া হৈছিল। অকে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখন পৰিচালনা আৰু প্ৰযোজনা কৰে মানি.চি.কাপেনে। দক্ষিণৰ বোলছবি সন্থাৰ দ্বাৰা নিৰ্মিত এইখনেই হৈছে প্ৰথম অসমীয়া ছবি।

দাক্ষিণাত্যৰ বোলছবি সন্থাৰ দ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া ছবিঃ 2


বিবাহিত এহাল যুৱক-যুৱতীৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন। বিবাহিত যুৱকজনে নিজৰ পিতৃ-মাতৃৰ আগত নিজৰ বিয়াৰ কথা ক’ব নোৱাৰি নিজ পত্নীক তেওঁ নিজৰ ঘৰতে এগৰাকী কাম কৰা মহিলা হিচাপে ৰাখি থয়। এয়ে হৈছে ছবিখনৰ কাহিনীভাগ।

দাক্ষিণাত্যৰ বোলছবি সন্থাৰ দ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া ছবিঃ 3


“বৰলাৰ ঘৰ” ছবিখনত অভিনয় কৰিছে উৎপল দাস, দেৱস্মিতা বেনাৰ্জী, নিপন গোস্বামী, পূৰ্ণিমা পাঠক শইকীয়া, মানি চি. কাপেন, শ্ৰীলেখা মুখাৰ্জী, বিষ্ণু খাৰঘৰীয়া, জুলেন ভূঞা, বিকি ৰাজখোৱা, শিবু আৰু সিদ্ধাৰ্থ মুখাৰ্জীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform