Rupaliparda.com
"জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰিবলৈ পালে মই নিজকে সোভাগ্যৱান বুলি ভাবিম"- বিদিশা নয়ন ভূঞা 1

“জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰিবলৈ পালে মই নিজকে সোভাগ্যৱান বুলি ভাবিম”- বিদিশা নয়ন ভূঞা

প্ৰতিভাৰ এক সুন্দৰ নিদৰ্শন পোৱা যায় অসমত। ইয়াত চুকে-কোণে থকা প্ৰতিভাই প্ৰায়ে অসমক গৌৰমান্বিত কৰি তোলে নিজ কৰ্মৰাজিৰে।সেয়া লাগিলে অসমীয়া কৃষ্টি-সংস্কৃতিতেই হওঁক নাইবা খেল-ধেমালিতেই হওঁক। এনে পৰিপ্ৰেক্ষিততে, অসমীয়া সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত কেইবাখনো ন-মুখক শ্ৰোতাই আকোঁৱালি লোৱা দেখিবলৈ পোৱা গৈছে। তেনে ন-মুখৰ ভিতৰত এখন হৈছে কন্ঠশিল্পী বিদিশা নয়ন ভূঞাৰ।

"জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰিবলৈ পালে মই নিজকে সোভাগ্যৱান বুলি ভাবিম"- বিদিশা নয়ন ভূঞা 2


“ভিজা ভিজা দুচকুতে”, “বাৰিষাৰে বৰষুণে” তথা “মৰম বিচাৰিছো তোমাৰে” শীৰ্ষক কেইবাটিও ৰোমান্টিক গীত শ্ৰোতাক উপহাৰ দিয়া এই গৰাকী কন্ঠশিল্পীৰ সৈতে আজিৰ দেওঁবৰীয়া বিশেষত আমি পাতিছিলো কিছু কথা।চাওঁচোন আহকঃ

প্ৰশ্নঃ আপুনি সংগীত ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?

"জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰিবলৈ পালে মই নিজকে সোভাগ্যৱান বুলি ভাবিম"- বিদিশা নয়ন ভূঞা 3

বিদিশা নয়নঃ সংগীতৰ ক্ষেত্ৰত মই ক’বলৈ গ’লে একেবাৰে সৰুৰ পৰাই জড়িত। প্ৰায় ৬ বছৰ মানৰ পৰাই মই গীত গুনগুনাইছিলো বুলি মোক মা হঁতে কৈ থাকে। সৰুৰ পৰা খুব ৰেডিঅ’ শুনিছিলো গতিকে তেতিয়াৰ সময়ত চলা গীতবোৰ মই গাইছিলো; মোৰ মায়ো আছলতে সংগীত শিকিছিল কিন্তু আধৰুৱা হৈছিল।
গতিকে, মাই বিচাৰিছিল মই গান শিকাটো আৰু সেইবাবেই মোক ওচৰতে থকা গানৰ স্কুল খনত নাম ভৰ্তি কৰি দিছিল। ইয়াৰ উপৰিও, মোক ঘৰত শিকাবলৈও এগৰাকী গানৰ শিক্ষয়িত্ৰীৰো মা হঁতে ব্যৱস্থা কৰিছিল। “মইনা পাৰিজাত” ৰ লগতে যেতিয়া ডাঙৰ হ’লো তেতিয়া ভালেখিনি মই বিহু ফাঞ্চন কৰিছিলো। এক কথাত ক’বলৈ গ’লে, মই সৰুৰ পৰাই সংগীতৰ সৈতে জড়িত।

প্ৰশ্নঃ গীত গোৱাৰ বাবে অনুপ্ৰেৰণা ক’ৰ পৰা লাভ কৰিছিল?

"জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰিবলৈ পালে মই নিজকে সোভাগ্যৱান বুলি ভাবিম"- বিদিশা নয়ন ভূঞা 4

বিদিশা নয়নঃ গীত গাবলৈ অনুপ্ৰেৰণা লাভ কৰিছিলো পোন প্ৰথমে মোৰ মাৰ পৰা। কাৰণ,আৰম্ভণিতে এই ক্ষেত্ৰখনত মূৰ দাঙিবলৈ যিখিনি আহিলাৰ প্ৰয়োজন সেইখিনি মই মোৰ মাৰ পৰাই পাইছিলো। তেওঁয়েই আছলতে মোক “হিন্দুস্তানী ক্লাছিকেল মিউজিক” শিকিবলৈ তথা ভাল পাবলৈ লগাই দিছিলে।
ইয়াৰ পিছতে, যেতিয়া মই ডাঙৰ হ’লো তেতিয়া আমি খুব কেছেট কিনিছিলো। কেছেটত পুলক বেনাৰ্জী ছাৰ আৰু শান্তা উজীৰ বাইদেউৰ গীত আছিলে; প্ৰায়ে সেইসমূহ গীত শুনিছিলো। এতিয়া মই কেৱল অনুপ্ৰেৰণা লাভ কৰা ক্ষেত্ৰত এজনৰেই নাম ল’ব নোৱাৰো; মই বহু জনপ্ৰিয় কন্ঠশিল্পীৰ গীত শুনিয়ে অনুপ্ৰেৰণা লাভ কৰিছো।

প্ৰশ্নঃ ভৱিষ্যতে কোন গৰাকী কন্ঠশিল্পীৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰাৰ ইচ্ছা?

"জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰিবলৈ পালে মই নিজকে সোভাগ্যৱান বুলি ভাবিম"- বিদিশা নয়ন ভূঞা 5

বিদিশা নয়নঃ এইটোৰ উত্তৰত একাষাৰে নাম ল’ম জুবিন গাৰ্গৰ। মই বুলিয়েই নহয়; তেওঁৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিবলৈ সকলোৱে বিচাৰে। জুবিন দাৰ সৈতে গীত পৰিৱেশন কৰিবলৈ পালে মই নিজকে খুব সোভাগ্যভান বুলি ভাবিম। অলপতে, দীক্ষু শৰ্মাৰ সৈতে মই গীত গাইছো; “জীয়া-জীয়া” আছিল গীতটোৰ নাম। গতিকে, দীক্ষু দাৰ সৈতেও মোৰ গান গোৱাও ইচ্ছা আছিল যিটো সফল হৈছে।
লগতে, নীল আকাশৰ কন্ঠ মোৰ খুব ভাল লাগে; তেওঁৰ সৈতেও মোৰ গান গোৱা ইচ্ছা আছে।

প্ৰশ্নঃ শ্ৰোতাক আকৰ্ষিত কৰিবলৈ এটা গীতত প্ৰধানকৈ কি থাকিব লাগে? আপুনি কি ভাৱে?

"জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰিবলৈ পালে মই নিজকে সোভাগ্যৱান বুলি ভাবিম"- বিদিশা নয়ন ভূঞা 6

বিদিশাঃ মই ভাৱো, শ্ৰোতাক এটা গীতৰ প্ৰতি আকৰ্ষিত কৰিবলৈ গীতটোত সকলোবোৰ বস্তুৱেই সুন্দৰ হোৱাটো প্ৰয়োজনীয়। গীতটিৰ কথাৰ লগতে তাত থকা সংগীতো শ্ৰোতাৰ ভাল লগা হ’ব লাগিব। আৰু, শেষত গীতটি পৰিৱেশন কৰা কন্ঠটো; কন্ঠটো যদি শুৱনি নহয় তেতিয়াহ’লে গীতটিয়ে শ্ৰোতাক যি দিব খোজে সেইটো দিব নোৱাৰে।
মই বিশ্বাস কৰো, কিছুমান ব্যতিক্ৰমী কন্ঠই সদায় শ্ৰোতাক এক নতুনত্ব দিয়ে। গতিকে মিউজিক, কম্পজিচন, সুৰৰ লগতে কন্ঠটোও এটা গীতৰ বাবে গুৰুত্বপূৰ্ণ আহিলা।

প্ৰশ্নঃ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

"জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰিবলৈ পালে মই নিজকে সোভাগ্যৱান বুলি ভাবিম"- বিদিশা নয়ন ভূঞা 7

বিদিশাা নয়নঃ বৰ্তমানলৈ মই কন্ঠদান কৰা গীতবোৰৰ কথা আৰু কম্পজিচন মোৰ নিজৰেই আছিল। গতিকে, মোৰ আগন্তুক গীতটিৰো কথা মোৰেই হ’ব কিন্তু ইয়াত সংগীত দিব ত্ৰিয়ন মহন্তই। বাকী আৰু মৃণাল ৰাভাৰ সৈতে কৰি থোৱা এটা গান আছে; যিটো মোৰ এইটো বছৰে মুক্তি পাব।
লগতে, কিবা কিবি আৰু প্ৰজেক্ট আছে যিখিনি শ্ৰোতাই আগন্তুক সময়ত দেখিব।

…… ধন্যবাদ বা। আপোনাৰ আগন্তুক সকলোবোৰ প্ৰজেক্টৰ বাবে শুভকামনা।

"জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰিবলৈ পালে মই নিজকে সোভাগ্যৱান বুলি ভাবিম"- বিদিশা নয়ন ভূঞা 8

বিদিশা নয়নঃ ধন্যবাদ তোমালৈ আৰু ৰূপালীপৰ্দালৈও

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform