Rupaliparda.com
শিশুৰ স্কুলীয়া জীৱন তথা বন্ধুত্বৰ কাহিনীৰে "মাৰ্কশ্বিট"- 1

শিশুৰ স্কুলীয়া জীৱন তথা বন্ধুত্বৰ কাহিনীৰে “মাৰ্কশ্বিট”-

অসমীয়া চলচিত্ৰ জগতত যোৱা এবছৰৰ আগৰ পৰা কেইখন মান এনেধৰণৰ ছবি মুক্তি পাইছে যিয়ে দৰ্শকৰ অতিমাত্ৰা সহাঁৰি লাভ নকৰিলেও ছবিখনৰ কাহিনী তথা চিত্ৰনাট্য আছিল মনোগ্ৰাহী। তেনে এখন ছবি হৈছে ২০১৮ চনৰ ২ মাৰ্চত মুক্তিপ্ৰাপ্ত “মাৰ্কশ্বিট”। ৰতন শীল শৰ্মাৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল গোপাল মণ্ডলে।

শিশুৰ স্কুলীয়া জীৱন তথা বন্ধুত্বৰ কাহিনীৰে "মাৰ্কশ্বিট"- 2


ছবিখনত এজন ছাত্ৰৰ মানসিক অৱস্থাক প্ৰতিফলিত কৰা হৈছিল। যিয়ে প্ৰত্যেকটো সময়ত নিজৰ কল্পনা জগতত বিচৰণ কৰি ফুৰে। দেউতাকে পঢ়াৰ কথা কয় থকাৰ বাবে সি নিজ পিতৃক দেখিব নোৱাৰে। এনেকৈ থাকোতে থাকোতে সি স্কুলৰ “ছয়মাহিলী” পৰীক্ষাত ফেইল কৰে আৰু মাৰ্কশ্বিটখন দেউতাকক দেখুৱাবলৈ ভয় কৰে। এনেক্ষেত্ৰত তাক সহায় কৰে তাৰেই এজন বন্ধুয়ে। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ। শিশুৰ মনস্তাত্বিক অৱস্থাৰ বাহিৰেও ছবিখনত দু্টা শিশুৰ নিস্পাপ বন্ধুত্বকো উপস্থাপন কৰা হৈছে।

শিশুৰ স্কুলীয়া জীৱন তথা বন্ধুত্বৰ কাহিনীৰে "মাৰ্কশ্বিট"- 3
শিশুৰ স্কুলীয়া জীৱন তথা বন্ধুত্বৰ কাহিনীৰে "মাৰ্কশ্বিট"- 4


ছবিখনত অভিনয় কৰে প্ৰণামী বৰা, আদিত্য মল্ল বেজবৰুৱা, অভিজিৎ চৌধুৰী, জিন্তু কলিতা আৰু দিব্যজ্যোতি শইকীয়াই।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.