ফেশ্বন ফটো’গ্ৰাফাৰ ডব্বু ৰতনানীয়ে অলপতে নিজৰ বাৰ্ষিক কেলেণ্ডাৰৰ উদ্ধোধন কৰিছে। এই কেলেণ্ডাৰ খনত থকা ফটোসমূহৰ ভিতৰত এতিয়া আটাইতকৈ জনপ্ৰিয় হৈছে অভিনেত্ৰী কিয়াৰাৰ ফটোখন। কিন্তু, কিয়াৰাৰ এই ফটোখনক লৈ এতিয়া আলোচনা আৰম্ভ হৈছে চচিয়েল মিডিয়াত।

ডব্বু ৰতনানীয়ে কিয়াৰাৰ ফটোখনত যি কনচেপ্টৰ ব্যৱহাৰ কৰা হৈছে সেইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফাৰ Marie Barsch ৰ পৰা লোৱা হৈছে বুলি কোৱা হৈছে। উক্ত Marie Barsch ৰ ফটোৰ ডব্বুয়ে শ্বুট কৰা কিয়াৰাৰ ফটোখনৰ সৈতে হুবহু মিল আছে। Marie য়ে নিজ চচিয়েল মিডিয়াত একাউন্টত এখন ফটো আপলোড কৰি তাত লিখে যে,”মই বৰ্তমান ইয়াক ইয়াতেই এৰিলো”।
Add comment