বলীউড অভিনেতা আয়ূসমান খুৰানাই নিজ প্ৰত্যেকখন ছবিত এক ব্যতিক্ৰমী মছলা দিয়াৰ ব্যৱস্থা কৰে; আছলতে দৰ্শক ইয়াক লৈ উৎসাহিত হৈ থকাও দেখিবলৈ পোৱা যায়। বৰ্তমান তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি “শুভ মংগল জ্যাদা সাৱধান”-এ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰথম দিনাই তেওঁৰ ছবিয়ে লাভ কৰিলে ৯ কোটি টকাৰ বস্ক অফিচ কালেকচন। ছবিখনত জীতেন্দ্ৰ কুমাৰৰ সৈতে আয়ূসমান খুৰানাৰ ৰোমাঞ্চ দেখিবলৈ পোৱা গৈছে।


ছবিখনৰ প্ৰথমটো লাভৰ প্ৰতি লক্ষ্য ৰাখিয়েই ক’ব পৰা যায় যে ছবিখনে লাভ কৰিবলৈ সক্ষম হ’ব হয়টো ১০০ কোটি টকাৰ বস্ক অফিচ কালেকচন। ছবিখনত আয়ূসমান-জিতেন্দ্ৰৰ উপৰিও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নীনা গুপ্তা, গজৰাজ ৰাওঁ, মানৱী গাগৰু, পংখুৰী অৱস্থী, সুনীতা ৰজবাৰ, নীৰজ সিং আৰু মনুঋষি চড্ডাই। ২০১৭ চনত মুক্তিপ্ৰাপ্ত “শুভ মংগল সাৱধান” ৰ চিকুৱেল হয় এই ছবিখন।
Add comment