Rupaliparda.com
নৱ প্ৰজন্মৰ এগৰাকী যুৱ গীতিকাৰ: গৌৰাংগ কিশোৰ 1

নৱ প্ৰজন্মৰ এগৰাকী যুৱ গীতিকাৰ: গৌৰাংগ কিশোৰ

অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত আছলতে ন-ন প্ৰতিভাই প্ৰত্যেকদিনাই নিজ প্ৰতিভাৰে দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে। নৃত্য, গীত,সংগীত পৰিচালনা তথা গীত লিখাৰ পৰা আদি কৰি ৰাষ্ট্ৰীয় ক্ষেত্ৰতো উজ্বলিছে অসমৰ প্ৰতিভা। ইয়াৰ মাজতে, এনে কিছু প্ৰতিভা থাকে যিয়ে প্ৰত্যেকটো ক্ষেত্ৰত আগৰণুৱা হোৱাৰ লগতে নীৰৱে নিজ প্ৰতিভাৰ বিকাশ কৰি গৈ থাকে। এনে পৰিপ্ৰেক্ষিততে, আমি আজি আপোনালোকক এগৰাকী শিল্পীৰ নাম ক’ম যাৰ কথাৰে নিৰ্মিত গীত হয়টো আপোনালোকে নীল আকাশ তথা বিভিন্ন জন কন্ঠশিল্পীৰ কন্ঠৰে শুনিছে। সেই গৰাকী হৈছে গৌৰাংগ কিশোৰ।

নৱ প্ৰজন্মৰ এগৰাকী যুৱ গীতিকাৰ: গৌৰাংগ কিশোৰ 2
নৱ প্ৰজন্মৰ এগৰাকী যুৱ গীতিকাৰ: গৌৰাংগ কিশোৰ 3


পেছাত এগৰাকী শিক্ষক যদিও তেওঁ ঢোল, পেঁপা, বাঁহী আদি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰী বজাব জনাৰ উপৰিও তেওঁ মঞ্চৰ এগৰাকী সুদক্ষ অভিনেতা। “মৰিচিকা” কে ধৰি কেইবাটাও গীত লিখা এই গৰাকী শিল্পীৰ কথাৰে আজি মুক্তি লাভ কৰিব আন এটি গীত “ৰাগিনী”। উল্লেখ্য যে, গীতটিত কন্ঠদান কৰিছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform