Rupaliparda.com
প্ৰায় অৰ্ধ শতাধিক ছবিত কন্ঠদান কৰা শিল্পীঃ দ্বিপেন বৰুৱা- 1

প্ৰায় অৰ্ধ শতাধিক ছবিত কন্ঠদান কৰা শিল্পীঃ দ্বিপেন বৰুৱা-

প্ৰায় ৫০ খন অসমীয়া ছবিত কন্ঠদান কৰা এগৰাকী কন্ঠশিল্পী হৈছে দ্বিপেন বৰুৱা। ১৯৪৫ চনত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পী বৰুৱা পৰিয়ালৰ ষষ্ঠ নং ভাতৃ আছিল। বৰুৱা পৰিয়ালৰ নিপ বৰুৱা,ব্ৰজেন বৰুৱা, দ্বিবন বৰুৱাকে ধৰি আটাইকেইজন ভাতৃয়ে অসমীয়া সংস্কৃতিত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে।

প্ৰায় অৰ্ধ শতাধিক ছবিত কন্ঠদান কৰা শিল্পীঃ দ্বিপেন বৰুৱা- 2


দ্বিপেন বৰুৱাই ক্ৰিকেটৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ “ৰঞ্জি ট্ৰফী” তো অসমৰ হৈ খেলিছিল। ১৯৬৮ চনত মুক্তিপ্ৰাপ্ত বাণিজ্যিক ভাৱে সফল তথা নিজ ভাতৃ ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত ছবি “ডক্তৰ বেজবৰুৱা” ত দ্বিপেন বৰুৱাই প্ৰথম বাৰৰ বাবে কন্ঠদান কৰি সংগীতশিল্পী ৰূপে নিজ কেৰিয়াৰ আৰম্ভ কৰে।

প্ৰায় অৰ্ধ শতাধিক ছবিত কন্ঠদান কৰা শিল্পীঃ দ্বিপেন বৰুৱা- 3


“ডক্তৰ বেজবৰুৱা” ত অন্তৰ্ভূক্ত জিলিকা জিলিকা তৰা আকাশৰে, কি নাম দি মাতিম, মইনা কোন বিধাতাই সাজিলে, ফুল ফুল ফুল আদি গীত বৰ্তমানেও শ্ৰোতাৰ মনত এক বিশেষ স্থান গ্ৰহণ কৰি আহিছে।


দ্বিপেন বৰুৱাক এতিয়াও প্ৰায় বোৰ মঞ্চানুষ্ঠান, দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠানত দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply