২৬/১১/২০০৮ মুম্বাইত হোৱা সন্ত্ৰাসবাদ আক্ৰমণৰ পটভূমিত নিৰ্মিত; জাহ্নু বৰুৱাৰ পৰিচালনা আৰু অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ (বিত্ত আৰু উন্নয়ন) প্ৰযোজনাৰে ২০১২ চনত ২৬ অক্টোবৰত মুক্তিপ্ৰাপ্ত এখন বোলছবি “বান্ধোন” ( Waves of Silence) । ৯৬ মিনিট দৈৰ্ঘ্যৰ বোলছবিখনে অসমৰ ২৬ টা ছবিগৃহত মুক্তি পোৱা লগতে ৬০ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত “শ্ৰেষ্ঠ অসমীয়া ভাষাৰ বোলছবি” ৰ সন্মান লাভ কৰে।

এহাল সহজ-সৰল দম্পতীৰ জীৱন কাহিনীৰে সংলগ্ন কৰি চিনেমাখনৰ বিষয়বস্তুটো আগবঢ়াই নিয়া হৈছে। “দণ্ডেশ্বৰ” আৰু “শাওনী” চৰিত্ৰ দুটাৰ সৰু-সুৰা সাংসাৰিক খু্ঁট-নাটেৰে আৰম্ভ কৰা হৈছিল বোলছবিখন। ষষ্ঠ শ্ৰেণীৰ পৰা কৰা প্ৰেমৰ অৱসান ঘটাই “ডিভৰ্ছ” ৰ খাতিৰত বাৰে বাৰে তেওঁলোক কাষ চাপে তেওঁলোকৰ তাত পূৰ্বতে ভাড়াতীয়া হিচাপে থকা উকীলৰ চৰিত্ৰত থকা যতীন বৰাৰ। ৭৩ বছৰীয়া প্ৰেমৰ মৰমলগা অভিমান-অভিযোগবোৰ দেখি যতীন বৰাই তেওঁলোকৰ মিত-মাত কৰাবলৈ চেষ্টা কৰে। প্ৰথমতেই নিজৰ পুত্ৰ-বোৱাৰীক হেৰুওৱা দম্পতি হালৰ একমাত্ৰ আশা আছিল তেওঁলোকৰ নাতিপুত্ৰ “পোনা”। কিন্তু মুম্বাইত হোৱা সন্ত্ৰাসবাদ আক্ৰমণত নাতিপুত্ৰৰ কোনো সন্ধান নাপাই তেওঁলোক মুম্বাইলৈ তাক বিচাৰি যায় যদিও তাৰ মৃত্যু খবৰ পায়। এয়াই হৈছে বোলছবিখনৰ কাহিনীভাগ।

বোলছবিখনৰ কাহিনীটো স্বামী-স্ত্ৰীৰ অভিমানৰ ভালপোৱা বোৰেৰে হৃদয়স্পৰ্শী কৰি তুলিছে। এজনে আনজনক দেখিলেই মূৰ ঘূৰাই ল’লেও দুইটা দুইটাৰ অবিহনে থাকিব নোৱাৰা অথবা এহাল দম্পতিৰ মাজত থকা দায়িত্ববোধেৰে এখন সজীৱ ছবিত চিত্ৰিত কৰা হৈছে বোলবিখনক।

বোলছবিখনৰ “দণ্ডেশ্বৰ” ৰ চৰিত্ৰত থকা বিষ্ণু খাৰঘৰীয়া আৰু “শাওনী” ৰ চৰিত্ৰ থকা বীণা পটংগীয়াৰ অভিনয় লেখত ল’বলগীয়া। “ৰঞ্জনা” চৰিত্ৰত জেৰিফা ৱাহিদ লগতে যতীন বৰাই নিজৰ নামেৰেই বোলছবিখনত অভিনয় কৰে। চৰিত্ৰ চাৰিটাৰ অভিনয়ে বোলছবিখনক আৰু অধিক হৃদয়স্পৰ্শী কৰি তুলিছে। নাতিপুত্ৰ নিখোজ হোৱাৰ পিছত দম্পতী হালৰ মনস্তাত্বিক অৱস্থাৰ যি চিত্ৰ পৰিচালক গৰাকীয়ে চিত্ৰিত কৰিছে সেয়া নিখুঁট।

সন্ত্ৰাসবাদৰ নিচিনা এক সংবেদনশীল বিষয়বস্তুক লৈ নিৰ্মিত বোলছবিখনত পাশ্বৰ্ৱতী সংগীতৰ বাদে অইন কোনো সংগীতৰ সংযোজন নাই।
Add comment