Rupaliparda.com
"আছুতীয়া কৈ থ'লো" শীৰ্ষক ৰোমান্টিক গীতেৰে ৰাকেশ ৰিয়ানঃ 1

“আছুতীয়া কৈ থ’লো” শীৰ্ষক ৰোমান্টিক গীতেৰে ৰাকেশ ৰিয়ানঃ

বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত “বাৰিষাৰে বৰষা হোৱা”, “চিকমিক বিজুলী” তথা “বাজাজ স্কুটাৰ” ৰ দৰে একোটা গীতত কন্ঠদান কৰি শ্ৰোতাক বহুল ৰূপত আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা ৰাকেশ ৰিয়ান এইবাৰ সাজু তেওঁ শেহতীয়াকৈ কন্ঠদান কৰা এটি ৰোমান্টিক গীতৰ মুক্তিক লৈ। ইউটিউবত তেওঁৰ গীতে অতি কম সময়ৰ ভিতৰতে মিলিয়নত ভিউৱাৰচ পাবলৈ সক্ষম হয়। “আছুতীয়া কৈ থলো” শীৰ্ষক গীতটিৰে আকৌ এবাৰ অনুৰাগীৰ কাষ চাপিব কন্ঠশিল্পী গৰাকী।


আগন্তুক মাৰ্চ মাহৰ প্ৰথমটো সপ্তাহতে মুক্তি পাবলগীয়া এই গীতটিত ৰাকেশ ৰিয়ানৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে অঞ্জু পাঞ্চিয়ে। গীতটিৰ কথা- সুৰ চিন্ময় কৌশিক আৰু জয় নিৰ্বাণৰ লগতে উক্ত গীতটিত সংগীত প্ৰণয় দত্তৰ।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.