Rupaliparda.com
"ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো"- শুভাশীষ ৰিয়ান 1

“ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো”- শুভাশীষ ৰিয়ান

নাটকৰ পৰা ধাৰাবাহিক আৰু ধাৰাবাহিকৰ পৰা আগন্তুক সময়ত সফলতাৰ অনন্তলৈ যোৱাৰ চেষ্টাত বৰ্তমান এগৰাকী অভিনেতা। ৰং চেনেলত প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক “ভাড়াঘৰ” ৰ তৃতীয়টো সংস্কৰণত কাকতিৰ জোঁৱায়েক ৰূপে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰা এই গৰাকী অভিনেতাই নিজ শেষৰটো খণ্ডলৈ অহা “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ ৰাঘৱ চৰিত্ৰটোৰ জৰিয়তে অনুৰাগীৰ সংখ্যা নবঢ়োৱাকৈ নিশ্চয় থকা নাই। এই গৰাকী অভিনেতাৰ নাম হৈছে শুভাশীষ ৰিয়ান কাশ্যপ।

"ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো"- শুভাশীষ ৰিয়ান 2


শুভাশীষ ৰিয়ান কাশ্যপক ৰূপালী পৰ্দাৰ দেওঁবৰীয়া বিশেষত আজি আপোনালোকে লগ পাব; জানিব পাৰিব তেওঁৰ বিষয়ে কিছু কথাঃ

প্ৰশ্নঃ তুমি নাটকত কৰা অভিনয়ৰ যোগেৰে এই অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত। তুমি শেহতীয়াকৈ এখন ধাৰাবাহিকো সম্পূৰ্ণ কৰিলা; গতিকে এই নাটক আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ মাজত কোনটো তোমাৰ প্ৰিয় আছিল??

"ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো"- শুভাশীষ ৰিয়ান 3

শুভাশীষঃ উমম…… নাটক আৰু ধাৰাবাহিক দুয়োটাই পৃথক; দুয়োখন ক্ষেত্ৰৰে সুকীয়া এক আমেজ আছে। গতিকে, মই যদি মোৰ ফালৰ পৰা একেষাৰে ক’বলৈ যাওঁ; তেতিয়াহ’লে মই “নাটক” হে প্ৰিয় বুলি ক’ম।
কাৰণ “লাইভ অডিয়েন্স” ৰ আগত যেতিয়া কোনো প্ৰতিভা প্ৰদৰ্শন কৰা হয়; তাৰ মজাটোৱে আছলতে বেলেগ ধৰণৰ। মজাটো ধাৰাবাহিকতো আছে; কিন্তু দুইটা এটা আনটোতকৈ ভিন্ন। আৰু, যদি ক’বলৈ যাওঁ তেতিয়াহ’লে নাটকেই “মোক” চিনাকী দিছে। নাটকতেই মই অভিনয়ৰ আদিপাঠ শিকিছো; গতিকে নাটক মোৰ বাবে প্ৰিয়।

প্ৰশ্নঃ “হিৰো” আৰু “ভিলেইন” চৰিত্ৰ দুটাৰ মাজত কোনটো চৰিত্ৰ কৰিবলৈ তুমি বেছি উৎসাহিত হৈ থকা??

https://www.instagram.com/p/B7D95PeB-U2/?utm_source=ig_web_copy_link

শুভাশীষঃ হা হা হা…… এইটো এটা সাংঘাতিক প্ৰশ্ন কৰিলা দেই। আছলতে “হিৰো” হোৱাৰ সপোনটো সকলোৱে দেখে। “হিৰো” চৰিত্ৰটো ৰূপায়ন কৰাৰ ইচ্ছা মোৰো নথকা নহয়; বাকী “ভিলেইন” যিটো চৰিত্ৰ সেইটো কিন্তু বৰ ভাল লগা। কাৰণ তুমি সেইটো সময়ত এজন এনে ব্যক্তিলৈ ৰূপান্তৰ হ’ব লাগে যিজন তুমি ব্যক্তিগত জীৱনত একেবাৰেই নহয়। মই এইবাৰ “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনত প্ৰথমবাৰৰ বাবে ভিলেইন চৰিত্ৰটো ৰূপায়ন কৰিছো। চৰিত্ৰটো কৰি মই যথেষ্ট খিনি অভিজ্ঞতা লাভ কৰিছো; বহুখিনি শিকিছো।
আৰু, যদিহে মই কোনো ধাৰাবাহিকৰ প্ৰজেক্ট হাতত লওঁ তেতিয়াহ’লে মই “ভিলেইন” ৰ চৰিত্ৰটোৱে ল’ব বিচাৰিম। কাৰণ, মই প্ৰথমবাৰ এই চৰিত্ৰটো কৰোতে কিছু ক্ৰুটি ৰৈ গৈছে; ভবামতে দৰ্শককো হয়টো দিব পৰা নাই। গতিকে, আগন্তুক যেতিয়া “ভিলেইন” চৰিত্ৰটো ল’ম তেতিয়া আগতে হৈ যোৱা ভুলবোৰ শুধৰোৱাৰ চেষ্টা কৰিম। বাকী “হিৰো” কৰিম কেতিয়াবালৈ; নেদেখা জনে যেতিয়ালৈ মিলায়। হা হা হা……

প্ৰশ্নঃ শ্বুটিঙত আহোতে কেতিয়াবা দেৰি কৰিছানে?? দেৰি কৰাৰ পিছত তুমি সন্মুখীন হোৱা কিবা ভয় লগা অথবা হাঁহি উঠা পৰিস্থিতি মনত আছেনে??

"ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো"- শুভাশীষ ৰিয়ান 4

শুভাশীষঃ শ্বুটিঙত আজিলৈ মোৰ দেৰি হোৱা নাই দেই; বৰ্তমানলৈ তিনি নম্বৰখন ধাৰাবাহিক সম্পূৰ্ণ কৰিলো। খুব বেছি দেৰি নাই হোৱা; মোক যিটো “নিৰ্দ্দিষ্ট সময়ত” মাতে মই তেতিয়াই উপস্থিত হ’বলৈ চেষ্টা কৰো। এজন আৰ্টিষ্ট হিচাপে সময়ত আহি পোৱাটো মই জৰুৰী বুলি ভাবো। গতিকে, আজিলৈ চেষ্টা কৰি আহিছো মই যাতে টাইমটো মেক-আপ কৰিব পাৰো।
আনহাতে, এটা ভয়ো থাকে দেই; যদিহে দেৰিকৈ শ্বুটিঙলৈ পাওঁ তেতিয়াহ’লে প্ৰডাকচন হাউচে কিবা এটা শুনাই দিব বুলি। ইয়াৰ মাজতে এটা উদাহৰণ দিওঁ, “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ শ্বুটিঙৰ দ্বিতীয়টো দিনা মোক সময় দিয়া হৈছিলে ৰাতিপুৱা ৭ বজাত। আৰু, মই নাজানো মোৰ ৰুমটোৰ পৰা শ্বুটিঙ লোকেশ্বনলৈ দূৰ কিমান। আগদিনা খন আহিছিলো যদিও ইমান বেছি মন কৰা নাছিলো।
গতিকে, পিছদিনাখন মই কি কৰিলো ৰাতিপুৱা ৬ টা বজাতেই “ৰেপিডো” এখন লৈ শ্বুটিঙ লোকেশ্বনলৈ গ’লো। বিশ্বাস কৰিবা মই কেইটাত গৈ পালোগৈ জানা?? ৬ বাজি ১৫ মিনিটত। হা হা হা…… সেইদিনা প্ৰডাকচন হাউচে মোক নহয়; মই ৰৈছিলো তেওঁলোকৰ বাবে। আমনি লাগি গৈছিল সেইদিনা……

প্ৰশ্নঃ”তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ সৈতে জড়িত তোমাৰ কিবা ভাল লগা মহুূৰ্ত?? অভিনেত্ৰী মলয়া গোস্বামী বাইদেউ একেখন ধাৰাবাহিকত আছিল; তোমাৰ অনুভৱ কেনেকুৱা?

"ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো"- শুভাশীষ ৰিয়ান 5

শুভাশীষঃ “তোমাৰ মৰম মোক” ধাৰাবাহিকখনত থকা প্ৰথমটো দিনৰ পৰা শেষৰ দিন মোৰ বাবে ভাল লগা আছিল। ইয়াৰ মাজত আমি একেলগে কটোৱা প্ৰত্যেকটো মহুূৰ্তই মোৰ বাবে ভাল লগা আছিল। কৰৱী, ৰাতুল দা, ময়ূৰী,নীলা বা কে ধৰি আমাৰ গোটেই টিমটো লগতে পৰিচালক, ডি.অ.পি নয়ন আদি সকলোৰে লগতে আমাৰ ইমানেই আন্তৰিকতা তথা বন্ধুত্ব গঢ়ি উঠিছিল যে মই মোৰ শেষ শ্বুটিঙৰ দিনা কান্দিবলৈ বাধ্য হৈ গৈছিলো।
ৰাতিপুৱা যোৱা সময়টোৰে পৰা ৰাতি আহি নিজ নিজ ঘৰ পোৱালৈকে; আমি কৰা হাঁহি-ধেমালি,স্ফূৰ্তি-তামছা, আদি সকলোৱে মোৰ বাবে প্ৰিয়। ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটো মূহুৰ্ত মই সযতনে ৰাখিছো। মই ধাৰাবাহিকখনৰ জৰিয়তে এগৰাকী ভাল বান্ধৱী পালো কৰৱী, এজন দাদা হিচাপে ৰাতুল দা, ভণ্টি হিচাপে ময়ূৰী পালো। পৰিচালক অমিতাভ দাদাক মই নিজৰ দাদা ৰূপেই মানিছো; বাকী নীলা বা, মলয়া বাইদেউ হঁতটো আছেই।
আৰু, মই নিজক বৰ সোভাগ্যৱান বুলি ভাবো যে মই মলয়া গোস্বামী বাইদেউৰ সৈতে একেলগে কাম কৰাৰ সুবিধা পাইছো। তেওঁৰ সৈতে কাম কৰাৰ সৰুৰ পৰাই সপোন আছিল; এই সপোন পূৰ কৰা বাবে সঁচাকৈ প্ৰডাকচন হাউচক ধন্যবাদ জনাইছো। তেওঁৰ সৈতে কাম কৰিবলৈ পাই মই ধন্য; তেওঁ আমাক প্ৰত্যেককে বহুখিনি কথা শিকাইছেও। তেওঁৰ সৈতে কথা-পাতি, তেওঁৰ সমুখত বহি অভিনয় চাই খুব ভাল লাগে।

প্ৰশ্নঃ আগন্তুক প্ৰজেক্টৰ আৰু কি কি আছে??

"ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো"- শুভাশীষ ৰিয়ান 6

শুভাশীষঃ আগন্তুক প্ৰজেক্ট বুলিবলৈ মই তেনেকৈ হাতত বৰ্তমানলৈ একো লোৱা নাই। অকণমান ঘৰুৱা সমস্যাৰ বাবে মই যোৰহাটলৈ আহিলো; ইয়াতেই এপ্ৰিললৈ থাকিম। বাকী, দুখনমান চিৰিয়েলৰ বাবে কথা পাতি থকা হৈছে; চাওঁচোন কি হয়…

… ধন্যবাদ শুভাশীষ। আমাৰ সৈতে ইমানখিনি সময় কটোৱা বাবে…

শুভাশীষঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform