ছবিসমূহৰ দ্বাৰা দৰ্শকক ভৰপূৰ একছন দিয়া ৰোহিট ছেট্টীয়ে হলীউড ছবি “বেড বয়জ” ৰ ৰিমেক প্ৰস্তুতিৰ পৰিকল্পনা কৰিছে। এক অনুষ্ঠানত উপস্থিত থাকি পৰিচালকগৰাকীয়ে নিজ সপোনৰ কথা ব্যক্ত কৰে। ৰিমেক নিৰ্মাণৰ কথা ভৱাৰ উপৰিও এই ছবিখনৰ বাবে তেওঁ অভিনেতাকো নিৰ্বাচন কৰি থোৱা বুলি মত প্ৰকাশ কৰে।


উক্ত “বেড বয়জ” ৰ ৰিমেকৰ বাবে ৰোহিট ছেট্টীয়ে অক্ষয় কুমাৰ আৰু ৰণৱীৰ সিঙক মূখ্য চৰিত্ৰত গ্ৰহণ কৰিম বুলি ব্যক্ত কৰে। তেওঁৰ মতে, “সূৰ্য়বংশী” ত যেনেদৰে দুয়ো তাৰকাৰ কেমেষ্ট্ৰী পৰিচালক গৰাকীয়ে দেখিছে সেয়া আন দৰ্শকৰ বাবেও উপভোগ্য। ২০১১ চনতে ৰোহিট ছেট্টীয়ে ছবিখনৰ ৰিমেকৰ কথা ভাৱিছিল যদিও পিছলৈ তেওঁ এই “কপ ৱৰ্ল্ড” ত সোমাই পৰে।
Add comment