Rupaliparda.com
অনুৰাগ শইকীয়াৰ সংগীত পৰিচালনাৰে "এক টুকড়া ধুপ"- 1

অনুৰাগ শইকীয়াৰ সংগীত পৰিচালনাৰে “এক টুকড়া ধুপ”-

কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত অনুভৱ সিন্হাৰ আগন্তুক ছবি “থপ্পড়” ৰ ট্ৰেইলাৰে দৰ্শকক বৃহৎ হাৰত আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছিল। মুল্ক, আৰ্টিকেল ১৫ আদিকে ধৰি গুৰুত্বপূৰ্ণ ছবিসমূহৰ দৰে অনুভৱৰ “থপ্পড়” য়েও দৰ্শকৰ মনত প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা কৰিব পৰা যায়। উল্লেখ্য যে, ২৮ ফেব্ৰুৱাৰী তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনত সংযোজিত “এক টুকড়া ধুপ” শীৰ্ষক গীতটিত মুক্তি লাভ কৰিব আজি অৰ্থাৎ ৫ ফেব্ৰুৱাৰী তাৰিখে।

View this post on Instagram

🙂 #Thappad

A post shared by Anurag Saikia (@anuraag_psychaea) on


উল্লেখ্য যে, উক্ত গীতটি পৰিচালনা কৰিছে অসম গৌৰৱ ৰজত কমল বঁটা প্ৰাপ্ত শিল্পী অনুৰাগ শইকীয়াই। আহিবলগীয়া এনে ডাঙৰ ছবিসমূহত যেতিয়া অসমীয়া শিল্পী সমূহৰ কাম জড়িত হৈ পৰে তেতিয়া আছলত প্ৰত্যেকজন অসমীয়া গৌৰমান্বিত হৈ উঠে। বৰ্তমান ছবিখনৰ লগতে অনুৰাগ শইকীয়াৰ পৰিচালনাৰে নিৰ্মিত এই গীতটিৰো অপেক্ষা কৰি ৰৈছে এতিয়া বহুজনে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform