Rupaliparda.com
ভেলেন্টাইনৰ পূৰ্বে প্ৰেমৰ গীত "জোনাক নিশা"- 1

ভেলেন্টাইনৰ পূৰ্বে প্ৰেমৰ গীত “জোনাক নিশা”-

ইংৰাজী ফেব্ৰুৱাৰী মাহটো প্ৰত্যেকেই “প্ৰেমৰ মাহ” বুলি কয়। প্ৰেমৰ সুবাসেৰে সুবাষিত হৈ পৰে এই মাহটো। “প্ৰেমৰ বিশেষ দিন” টোও উদযাপন কৰা হয় এই ফেব্ৰুৱাৰী মাহটোতেই। প্ৰেমিক যুঁটিবোৰৰ অভিমান-অভিযোগ-ভালপোৱাৰে আৰম্ভণি হোৱা মাহটোত সকলোৱে অপেক্ষা কৰে এটি প্ৰেমৰ গীতৰ। আছলতে, এই সমস্ত মাহটোৰ প্ৰত্যেকটো দিনেই হৈ উঠে প্ৰেমময়।

ভেলেন্টাইনৰ পূৰ্বে প্ৰেমৰ গীত "জোনাক নিশা"- 2


গতিকে, গীতেৰে প্ৰেমৰ সুকীয়া অনুভূতিক অনুভৱ কৰাবলৈ নৱ প্ৰজন্মৰ এক ন-কন্ঠই আনিবলৈ সাজু হৈছে এটি গীত। “জোনাক নিশা” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত জগতলৈ আহি আছে এগৰাকী কন্ঠশিল্পী ৰাজবিৰ। কলকাতা স্থিত এটা ৰাজঘৰত গীতটিৰ শ্বুটিং কৰা হৈছে।

ভেলেন্টাইনৰ পূৰ্বে প্ৰেমৰ গীত "জোনাক নিশা"- 3


শিৱ প্ৰসাদ কলিতাৰ প্ৰযোজনাৰে নিৰ্মিত এই গীতটিৰ নিৰ্দেশনা কৰিছে অনিয়ন ৰয়ে। অদ্ৰিজা আৰু সোমনথৰ অভিনয়ৰে নিৰ্মাণ হোৱা এই গীতটিয়ে মুক্তি লাভ কৰিব ১১ ফেব্ৰুৱাৰী তাৰিখে।

2 comments

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.