Rupaliparda.com
পোন প্ৰথমবাৰৰ বাবে মাজুলীত "মাজুলী ছবি সমাৰোহ"- 1

পোন প্ৰথমবাৰৰ বাবে মাজুলীত “মাজুলী ছবি সমাৰোহ”-

সংস্কৃতিৰ সমন্বয় ক্ষেত্ৰ “মাজুলী”। গীত-মাত, নৃত্য, ভাওঁনা, ছবি আদিৰ দৰেই বিভিন্ন ক্ষেত্ৰত আগবঢ়া এই ঠাইখন। ইয়াত অনুষ্ঠিত হোৱা অথবা হ’বলগীয়া প্ৰায় উৎসৱ-সমাৰোহ আদিয়ে সাধাৰণ জনৰ হৃদয়ত এক বিশেষ স্থান গ্ৰহণ কৰাৰ লগতে ই দৰ্শকক উৎসাহিতও কৰি ৰাখে। এনে পৰিপ্ৰেক্ষিততে, আকৌ এক ন-খবৰে মাজুলী বাসীকে ধৰি সমগ্ৰ জনসাধাৰণক উৎসাহিত কৰি ৰখা দেখিবলৈ পোৱা গৈছে।

পোন প্ৰথমবাৰৰ বাবে মাজুলীত "মাজুলী ছবি সমাৰোহ"- 2
পোন প্ৰথমবাৰৰ বাবে মাজুলীত "মাজুলী ছবি সমাৰোহ"- 3
পোন প্ৰথমবাৰৰ বাবে মাজুলীত "মাজুলী ছবি সমাৰোহ"- 4


চলিত বৰ্ষতে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হ’ব “মাজুলী ছবি সমাৰোহ”। নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহ খনক লৈ কোনো ধৰণৰ বিতং তথ্য বৰ্তমানলৈ দিয়া হোৱা নাই যদিও কোৱা বাহুল্য যে, এই সমাৰোহখনে মাজুলী বাসীলৈ কঢ়িয়াই আনিব ব্যতিক্ৰমী নতুনত্বৰ সোঁৱাদ। গতিকে, কেনেধৰণৰ ছবি তথা তথ্য চিত্ৰক এই সমাৰোহ খনত প্ৰদৰ্শিত কৰা হ’ব সেয়া আগন্তুক সময়ত জানিব পৰা যাব।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.