১৯৮৫ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “সোণমইনা”। শিৱ প্ৰসাদ ঠাকুৰৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ কাহিনী তথা চিত্ৰনাট্য ৰঞ্জন ৰায়ৰ দ্বাৰা ৰচিত এখন বাংলা নাঁট “সাহেব” ৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে।


১৩৫ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনত এগৰাকী মধ্যবিত্ত ঘৰৰ এটা ল’ৰা “সোণমইনা” ৰ কাহিনী দেখুওৱা হৈছে। পঢ়া-শুনাত বৰ-বেছি ভাল নহ’লেও সোণমইনাই প্ৰায় সময়তে অইনক সহায় কৰাত ব্যস্ত হৈ থাকে। ভনীয়েকৰ বিয়াতো সোণমইনাই নিজৰ কেৰিয়াৰৰ কথা নাভাৱি কিডনী বিক্ৰী কৰি পৰিয়ালক উদ্ধাৰ কৰে। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।

“সোণমইনা” ত অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়া,মঞ্জুলা বৰুৱা, সুৰেণ মহন্ত, পূৰৱী শৰ্মা, জৱা ভূঞা, সমুদ্ৰগুপ্ত দত্ত, অঞ্জলি ভূঞা, অপূৰ্বা দত্ত,বিজু ভৰালী, মৰমী বৈশ্য, শিৱ ঠাকুৰ, মিৰেল কুদ্দুচ আৰু ৰাণা তামুলীয়ে।
Add comment