আৰমান জেইন আৰু তেওঁৰ প্ৰেয়সী অনীসা মালহোত্ৰাই যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে বিবাহ পাশত আৱদ্ধ হয়। বিবাহৰ পিছতেই ন-বিবাহিত যুঁটিটোৱে বলীউড ক্ষেত্ৰত থকা তেওঁলোকৰ বন্ধুবৰ্গক উদ্দেশ্যি বিবাহ উপলক্ষে এক গ্ৰেণ্ড পাৰ্টী দিয়ে। য’ত উপস্থিত থাকে বি-টাউনৰ কেইবাগৰাকীও গণ্য-মান্য তাৰকা।


এইবোৰৰ মাজতেই তাত উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল বলীউডৰ কেইবাটাও প্ৰেমিক যুঁটিয়ে। অৰ্জুন কাপুৰ তথা মালাইকা আৰোৰাই য’ত হাতত হাত থৈ পাৰ্টীত উপস্থিত হোৱা দেখিবলৈ পোৱা গ’ল; তাতেই আকৌ এফালে আলিয়া আৰু ৰণৱীৰক মাতৃ নিতু কাপুৰৰ সৈতে দেখিবলৈ পোৱা গ’ল।


আনহাতে, এই বিবাহ ফাঞ্চনটোতেই অভিনেতা বৰুণ ধৱনক দেখিবলৈ পোৱা গ’ল তেওঁৰ প্ৰেয়সী নতাশা দালালৰ সৈতে।
Add comment