Rupaliparda.com
অসমীয়া-পঞ্জাৱীৰ সংমিশ্ৰণেৰে "জিন্দ মাহী"- 1

অসমীয়া-পঞ্জাৱীৰ সংমিশ্ৰণেৰে “জিন্দ মাহী”-

“মলয়া বাইদেউৰ জীয়েক” আঁতৰি এইবাৰ সুকন্যা বৰুৱাৰ গাঁত লাগিব নতুন নাম। বিগত বহু দিনৰ মূৰত অভিনেত্ৰী গৰাকীক পুনৰ বাৰ এক গীতৰ ভিডিঅ’ ত দেখিবলৈ পোৱা যাব। ৰোমান্টিক “জিন্দ মাহী” শীৰ্ষক গীতটিত দেখিবলৈ পোৱা যাব এইগৰাকী অভিনেত্ৰীক। চচিয়েল মিডিয়া যোগে কেইবাদিনৰ পৰাই গীতটিক লৈ বিভিন্ন ধৰণৰ পোষ্ট কৰা দেখিবলৈ পোৱা গৈছিল।

https://www.instagram.com/p/B8NrHzpAnlO/?utm_source=ig_web_copy_link


উল্লেখ্য যে, অসমীয়া সংগীত জগতত বিভিন্ন ধৰণৰ ন-সোঁৱাদ শ্ৰোতাই পাই আহিছে। এনেক্ষেত্ৰতে, পুনৰ এবাৰ উক্ত গীতটি জৰিয়তে শ্ৰোতাই পাব ন-সোঁৱাদ। আছলতে, “জিন্দ মাহী” শীৰ্ষক এই গীতটিত পোৱা যাব অসমীয়া আৰু পঞ্জাৱীৰ গীতৰ ফিউজন। ৰৱি সিংহৰ কন্ঠৰে মুক্তিপাবলগীয়া এই গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে আৰু ইয়াত সংগীত দিছে অাৰছাদ আৰু পিংকুলে। লগতে, গীতটি লিখিছে ডানিছ আৰু ভূৱন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.