আকৌ এবাৰ অসমলৈ সুখবৰ। নিজ ছবি জৰিয়তে দৰ্শকক বহুল হাৰত মুগ্ধ কৰি ৰখা ৰীমা দাসে পুনৰ বাৰ অসমলৈ সুনাম কঢ়িয়াই আনিছে। চলিত মাহৰ ২০ তাৰিখৰ পৰা বাৰ্লিনত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ সমাৰোহত জুৰী সদস্য ৰূপে আমন্ত্ৰিত কৰিছে অসম জীয়ৰী ৰীমা দাসক।

৭০ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত জুৰী হিচাপে আমন্ত্ৰণ লাভ কৰাক লৈ ৰীমা দাসৰ লগতে উৎসাহিত হৈ পৰিছে অসমবাসীও। উক্ত আটাইতকৈ পূৰণি ফিল্ম ফেষ্টিভেলত উপস্থিত হোৱাৰ পূৰ্বেই ৰীমা দাসে চচিয়েল মিডিয়া যোগ এক পোষ্ট কৰি নিজৰ সুখ ব্যক্ত কৰে।
Add comment