Rupaliparda.com
মুক্তি লাভ কৰিলে "চেনীমাই ২.০"- 1

মুক্তি লাভ কৰিলে “চেনীমাই ২.০”-

মুক্তি লাভ কৰিলে বাবুৰ কন্ঠৰে বহু প্ৰত্যাশিত গীত “চেনিমাই ২.০”। ডবলৰ সোঁৱাদ দিয়াৰ মানসেৰে শ্ৰোতাক মুগ্ধ কৰা এই গৰাকী কন্ঠশিল্পীয়ে বিগত বহু দিনৰ পৰাই উক্ত গীতটো উদ্দেশ্যি বিভিন্ন ধৰণৰ পোষ্ট কৰি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। বাবুৰ প্ৰথমটো “চেনীমাই” ৰ সংস্কৰণ লিখিছিল চন্দন কাকতিয়ে।

মুক্তি লাভ কৰিলে "চেনীমাই ২.০"- 2


লগতে গীতটিৰ ভিডিঅ’ ত অভিনয় কৰিছিল বিবেক, তাপস্ৰী আৰু য়ানকি চিমিয়ে। আনহাতে, এই গীতটিৰ দ্বিতীয়টো সংস্কৰণত যু্ঁটীয়াভাৱে কন্ঠদান কৰিছে কুসুম কৈলাশ লগতে গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা যাব বিবেক বৰা আৰু মুনমী ফুকনে। ইয়াৰ উপৰিও, “চেনিমাই ২.০” শ্ৰোতাই যে এক নৃত্যধৰ্মী গীতৰ সোঁৱাদ লাভ কৰিব তাকো স্পষ্ট কৰে কন্ঠশিল্পী বাবুয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform