Rupaliparda.com
অসম চৰকাৰৰ দ্বাৰা মুক্ত প্ৰথম অসমীয়া ছবি "কেঁচা সোণ"- 1

অসম চৰকাৰৰ দ্বাৰা মুক্ত প্ৰথম অসমীয়া ছবি “কেঁচা সোণ”-

১৯৫৯ চনত অসম চৰকাৰৰ দ্বাৰা মুক্ত প্ৰথম খন অসমীয়া ছবি হৈছে “কেঁচা সোণ”। ফণী শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আছিল ভৰত বৰপূজাৰীৰ। লগতে, ছবিখনৰ সংগীত আছিল ড° ভূপেন হাজৰিকাৰ। এখন চাহ বাগিছাৰ বনুৱা শ্ৰেণীৰ লোক তথা বৰবাবু জগন্নাথ ভূঞাৰ কাহিনীক কেন্দ্ৰ কৰিয়েই ঘূৰিছে “কেঁচা সোণ”।

অসম চৰকাৰৰ দ্বাৰা মুক্ত প্ৰথম অসমীয়া ছবি "কেঁচা সোণ"- 2


জগন্নাথে প্ৰায়ে বনুৱা শ্ৰেণীৰ লোক সকলক ওপৰত উঠাবলৈ চেষ্টা কৰিছিল যদিও এবাৰ তাৰেই এগৰাকী ডাক্তৰৰ সৈতে মতভেদৰ সৃষ্টি হয় আৰু তেওঁ বাগিচাখন এৰিবলগীয়াত পৰে। গাঁৱলৈ উভতি আহি জগন্নাথ অসহযোগ আন্দোলনৰ সৈতে জড়িত হৈ পৰে। তেনে সময়তে বনুৱা এজনৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰক জগন্নাথে নিজ ঘৰলৈ লৈ আনি পঢ়াই-শুনাই ডাঙৰ দীঘল কৰে। ইয়াৰ পিছতেই ঘটা কিছু ঘটনাৰ আঁৰ লৈ নিৰ্মাণ কৰা হৈছিল “কেঁচা সোণ”।

অসম চৰকাৰৰ দ্বাৰা মুক্ত প্ৰথম অসমীয়া ছবি "কেঁচা সোণ"- 3


ছবিখনত অভিনয় কৰিছে চন্দ্ৰধৰ গোস্বামী, ইভা আচাও, ৰেবেক আচাও, মনোমতী গগৈ, তিলক দুৱৰা, গোলাপ শৰ্মা, অজিত সিংহ, গগন বৰুৱা, বিভূতি কলিতা, ভৰত বৰপূজাৰী, প্ৰীতি বৰা আৰু স্বাগতা চক্ৰৱৰ্তীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform