Rupaliparda.com
"এক টুকড়া ধূপ"-এ বুটলিছে প্ৰশংসাঃ 1

“এক টুকড়া ধূপ”-এ বুটলিছে প্ৰশংসাঃ

বলীউড ছবি “থপ্পড়” ৰ ট্ৰেইলাৰ মুক্তিপোৱাৰ পিছতেই ছবিখনৰ প্ৰথমটো গীতে বৰ্তমান আকৰ্ষিত কৰি তুলিছে বহুতো শ্ৰোতাক। ট্ৰেইলাৰৰ পিছতেই বহু দৰ্শকে এই ছবিখনক লৈ নিজ উৎসাহ ব্যক্ত কৰিছে। আনহাতে,যদিহে “এক টুকড়া ধূপ” ৰ কথালৈ অহা হয় তেন্তে ক’ব পৰা যায় যে, গীতটিয়ে মুক্তিৰ পিছতেই এতিয়া ইউটিউবৰ ট্ৰেণ্ডিং লিষ্টৰ আসন গ্ৰহণ কৰিছে।


ছবিখনৰ মূখ্য অভিনেত্ৰী তাপসিয়ে গীতটিৰ ভিডিঅ’ পোষ্ট কৰি লিখে যে, “মই ক্ৰিটিকেল দৃশ্য শ্বুটিঙৰ সময়ছোৱাত প্ৰায়ে এই গীতটি গুণগুণাইছিলো। শ্বুটিঙৰ কিছু মূহুৰ্ত গীতটিত আপোনালোকে দেখিবলৈ পাব। এই গীতটিয়ে হৃদয় চুই যায় “এক টুকড়া ধুপ”। উল্লেখ্য যে, এই গীতটিৰ সৈতে দুগৰাকী অসম সন্তান জড়িত হৈ আছে ক্ৰমে অনুৰাগ শইকীয়া আৰু ঋতৃষা কাশ্যপ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.