“জুড়ৱা ২” ৰ পিছত এইবাৰ ডেবিড ধৱন ব্যস্ত হৈছে ছবিখনৰ তৃতীয়টো সংস্কৰণক লৈ। প্ৰযোজক সাজিদ নাডিয়াৱালা আৰু ডেবিড ধৱনে এই ছবিখনক লৈ ইতিমধ্যে নিজ প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু, আপোনালোকে শুনি আচৰিত হ’ব যে; ডেবিড ধৱনে “জুড়ৱা ৩” ত অভিনেতা হিচাপে গ্ৰহণ নকৰে নিজ পুত্ৰ বৰুণ ধৱনক।

উল্লেখ্য যে, ৬৫ কোটি টকীয়া বাজেটেৰে নিৰ্মিত “জুড়ৱা ২” ছবিখনে মুক্তিৰ পিছত লাভ কৰিছিল ২০০ কোটি টকা। ব্লকব্লাষ্টাৰ ছবি ৰূপে খ্যাত হৈছিল এই ছবিখন। কিন্তু, ইয়াৰ তৃতীয়টো সংস্কৰণত ডেবিড ধৱনে নতুন অভিনেতাৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ৰিপোৰ্টনুসৰি, এই তৃতীয়টো সংস্কৰণত হয়টো টাইগাৰ শ্ৰফক দেখিবলৈ পোৱা যাব। কিন্তু বৰ্তমানেও ইয়াৰ স্পষ্টীকৰণ হোৱা নাই। আনহাতে, মূখ্য অভিনেত্ৰীৰ ক্ষেত্ৰত হয়টো ইয়াত থাকিব পাৰে সাৰা আলি নাইবা জান্হৱী কাপুৰ অথবা অনন্যা পাণ্ডে। ইয়াৰ দ্বিতীয়টো লীড অভিনেত্ৰী ৰূপে হয়টো থাকিব পাৰে দিশা পাটানী। ছবিখনৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও ছবিখনৰ খবৰে উৎসাহিত নকৰাকৈ থকা নাই দৰ্শকক।
1 comment