Rupaliparda.com
যুৱ-প্ৰজন্মৰ হৃদয়ৰ ৰাণী দীপলিনাৰ জন্মদিনঃ 1

যুৱ-প্ৰজন্মৰ হৃদয়ৰ ৰাণী দীপলিনাৰ জন্মদিনঃ

অসমীয়া গায়িকাৰ তালিকাখনত বৰ্তমান দীপলিনা ডেকা হৈছে প্ৰত্যেকজন ডেকাৰ মনৰ ৰাণী। তেওঁৰ হাঁহি অথবা এটা চকুৰ চাঁৱনিয়ে যথেষ্ট; একোজন ডেকাৰ হৃদয় চুই যাবলৈ। নহয়নে? “মিছন চাইনা” ছবিখনত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰাৰে পৰাই গায়িকা গৰাকীৰ অনুৰাগী হৈ পৰিছিল অসংখ্য জন। “চুই দিয়ানা” শীৰ্ষক গীতটিৰ মুকলি পিছতেই শ্ৰোতাৰ বহুল হাৰত সমাদৰ লাভ কৰা দীপলিনা ডেকাই আজি উদযাপন কৰিছে তেওঁৰ জন্মদিন।

যুৱ-প্ৰজন্মৰ হৃদয়ৰ ৰাণী দীপলিনাৰ জন্মদিনঃ 2
যুৱ-প্ৰজন্মৰ হৃদয়ৰ ৰাণী দীপলিনাৰ জন্মদিনঃ 3
যুৱ-প্ৰজন্মৰ হৃদয়ৰ ৰাণী দীপলিনাৰ জন্মদিনঃ 4


এই গৰাকী কন্ঠশিল্পীক ৰূপালী পৰ্দাৰ ফালৰ পৰা সমূহ কৰ্মকতাই জনাইছো জন্মদিনৰ অশেষ শুভকামনা। উল্লেখ্য যে, চচিয়েল মিডিয়াত একোখন ফটোৰে ৰাজত্ব কৰা দীপলিনাই তেওঁৰ মুক্তিপাপ্ত বা আগন্তুক সময়ত মুক্তি পাবলগীয়া গীত সমূহক লৈ বিভিন্ন ধৰণে দৰ্শকক উৎসাহিত কৰি ৰাখে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform