১৯৪৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি “ৰূপহী”। গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ দ্বাৰা নিৰ্মিত এইখনেই হৈছে প্ৰথমখন ছবি। ছবিখনত সহকাৰী পৰিচালক ৰূপে কাম কৰিছিল “জয়মতী” ছবিখনৰ সহঃপৰিচালক ৰাজেন বৰুৱাই। লুইতপাৰৰ ৰূপহীমুখ গাঁৱৰ এহাল ডেকা-গাভৰুৰ প্ৰণয় কাহিনীয়েই হৈছে ছবিখনৰ মূল ভাগ।

৪০ দশকৰ অসমীয়া সমাজ ব্যৱস্থা তথা ৰীতি-নীতি আৰু আনহাতে, পৰিৱৰ্তনকামী নৱপ্ৰজন্মক “ৰূপহী” ত সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। চহৰৰ ডেকা সকলৰ দ্বাৰা গঠিত এক সংঘ; নাম “ব্ৰতী সংঘ” ই কেনেধৰণে সাধাৰণজনক সহায় কৰিছিল তাকেই এই ছবিখনত দেখুওৱা হৈছে।

“ৰূপহী” ত অভিনয় কৰিছে কানন চক্ৰৱৰ্তী, পূণ্য কোঁৱৰ, ডানকান আচাও, পদ্মধৰ চলিহা আৰু পাৰ্বতী প্ৰসাদ বৰুৱাই।
Add comment