Rupaliparda.com
শিল্পী সমাজে মুকলি কৰিলে "কা" বিৰোধী ৱেবচাইটঃ 1

শিল্পী সমাজে মুকলি কৰিলে “কা” বিৰোধী ৱেবচাইটঃ

বিগত কেইবাদিনৰ পৰা চলি অহা “কা” বিৰোধী আন্দোলনে ল’লে আকৌ এক নতুন মূৰ। বিজেপিৰ আই টি চেলক প্ৰত্যাহ্বান জনাই যোৱা কালি ৰাজ্যৰ শিল্পী সমাজে মুকলি কৰিলে এক ” কা” বিৰোধী ৱেবচাইট। সংবাদমেল অনুষ্ঠিত কৰি এই ৱেবচাইট মুকলি কৰে জুবিন গাৰ্গ, ৰৱি শৰ্মা, বৰষা ৰাণী বিষয়াকে ধৰি গৰিমা শইকীয়া গাৰ্গ আৰু মানস ৰৱীনে। assamagainstcaa.in নামে ৱেবচাইট আৰু Assam Against CAA নামৰ ফেচবুক পেজ মুকলি কৰে শিল্পী সমাজে।

শিল্পী সমাজে মুকলি কৰিলে "কা" বিৰোধী ৱেবচাইটঃ 2


উক্ত ৱেবচাইট যোগে “কা” আন্দোলন বিশ্বস্তৰলৈ লৈ যোৱা ইচ্ছা প্ৰকাশ কৰে সংবাদমেলত উপস্থিত শিল্পী সমাজে। ইয়াৰ উপৰিও, উক্ত পেজ অথবা ৱেবচাইটত আন্দোলন ধৰ্মী বিভিন্ন পোষ্ট, ফটো অথবা ভিডিঅ’ৰ যোগান ধৰা হ’ব বুলিও মন্তব্য কৰে শিল্পী সমাজে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.