Rupaliparda.com
২১ বছৰ বয়সত আনোৱাৰ হুচেইনৰ দ্বাৰা পৰিচালিত "সৰাপাত"- 1

২১ বছৰ বয়সত আনোৱাৰ হুচেইনৰ দ্বাৰা পৰিচালিত “সৰাপাত”-

কেৱল মাত্ৰ ২১ বছৰ বয়সতে আনোৱাৰ হুছেইনে পৰিচালনা কৰা অসমীয়া ছবিখন হৈছে “সৰাপাত”। ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ প্ৰিন্ট বৰ্তমানেও “নেশ্বনেল ফিল্ম অৰ্কাইভ অৱ ইণ্ডিয়া” ত সংৰক্ষণ কৰি ৰখা হৈছে। সমগ্ৰ ভাৰততেই ইমান কম বয়সত কোনোৱে পৰিচালনাৰ বৃত্তিত নমা নাছিল।

২১ বছৰ বয়সত আনোৱাৰ হুচেইনৰ দ্বাৰা পৰিচালিত "সৰাপাত"- 2


ধনী-দুখীয়াৰ মাজত হোৱা এক উচ্চ-নীচৰ ভাৱক কেন্দ্ৰ কৰি “সৰাপাত” নিৰ্মাণ কৰা হৈছিল। মৌজাদাৰৰ ঘৰত আশ্ৰয় লৈ থকা শেৱালি আৰু মৌজাদাৰৰ পুত্ৰ জীৱনৰ প্ৰেম কাহিনীত খলনায়ক হিচাপে থকা মৌজদাৰৰ দ্বিতীয় পত্নী সাৱিত্ৰীক কেন্দ্ৰ কৰিয়েই ঘূৰিছে “সৰাপাত” ৰ কাহিনীভাগ। সাৱিত্ৰীৰ কু-বুদ্ধিৰ বাবেই থান-বান হৈ পৰে মৌজাদাৰৰ সুখৰ সংসাৰ। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ। “সৰাপাত” ত অভিনয় কৰিছিল ফণী শৰ্মা, গিৰিশ চৌধুৰী, জ্ঞানদা কাকতি, অনুপমা ভট্টাচাৰ্য, ৰুণুমী ভট্টাচাৰ্য, ধীৰু ভূঞা, হেমেন চৌধুৰী,শৈলধৰ বৰুৱা আৰু শিশু শিল্পী জ্বলী হাজৰিকাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform