Rupaliparda.com
পৰিচালক নিপ বৰুৱাৰ অন্যতম সৃষ্টিঃ"ভক্ত প্ৰহ্লাদ"- 1

পৰিচালক নিপ বৰুৱাৰ অন্যতম সৃষ্টিঃ”ভক্ত প্ৰহ্লাদ”-

৫০-৬০ দশকত যেতিয়া অসমীয়া ধৰ্মমূলক ছবি নিৰ্মাণৰ এক ঢৌ উঠিছিল; ঠিক সেইটো সময়তে নিৰ্মিত ভক্তিমূলক ছবি সমূহৰ ভিতৰত উল্লেখযোগ্য এখন আছিল “ভক্ত প্ৰহ্লাদ”। ১৯৫৮ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ পৰিচালনা তথা প্ৰযোজনা কৰিছিল নিপ বৰুৱাই। লগতে, ছবিখনৰ কাহিনী সংগ্ৰহ কৰিছিল অমলেন্দু বাগ্চীয়ে।

পৰিচালক নিপ বৰুৱাৰ অন্যতম সৃষ্টিঃ"ভক্ত প্ৰহ্লাদ"- 2


সত্যযুগত বিষ্ণুভক্ত প্ৰহ্লাদৰ নিজ পিতৃয়ে কেনে দূৰ্দশা কৰে তাৰেই কাহিনীভাগ দেখুওৱা হৈছে ছবিখনত। বিষ্ণুভক্তি তথা ভগৱানৰ ওপৰত ৰখা আশ্বাসৰ বলত কেনেদৰে দুখ-দূৰ্গতিৰ পৰা ৰক্ষা পাব পাৰি তাৰেই হৈছে “ভক্ত প্ৰহ্লাদ” ৰ কাহিনীভাগ।

পৰিচালক নিপ বৰুৱাৰ অন্যতম সৃষ্টিঃ"ভক্ত প্ৰহ্লাদ"- 3


ছবিখনত অভিনয় কৰিছে সৰ্বেশ্বৰ চক্ৰৱৰ্তী, ফণী শৰ্মা, ইভ আচাও, শৰত দাস, অমলেন্দু বাগ্চী আৰু মানিক দাসে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.