Rupaliparda.com
মুক্তি পালে আচুৰ্য্যৰ কন্ঠৰে "অভিমান এনেকুৱাই"- 1

মুক্তি পালে আচুৰ্য্যৰ কন্ঠৰে “অভিমান এনেকুৱাই”-

আকৌ এবাৰ আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীতে উৎসাহিত কৰি তুলিছে তেওঁৰ অনুৰাগী সকলক। “তৰালি ২০২০” ত অন্তৰ্ভূক্ত এটি গীতে ইতিমধ্যে শ্ৰোতাক আকৰ্ষিত কৰিছে। ইউটিউবত মুক্তিপ্ৰাপ্ত “বেয়া পালে নেকি?” শীৰ্ষক গীতটোৰ লিৰিকেল ভিডিঅ’টোত ভিউৱাৰচৰ সংখ্যাই বুজাই দিব আপোনাক আচুৰ্য্যৰ অনুৰাগীৰ সংখ্যা।

মুক্তি পালে আচুৰ্য্যৰ কন্ঠৰে "অভিমান এনেকুৱাই"- 2


আচুৰ্য্য বৰপাত্ৰৰ প্ৰত্যেকটো গীতৰ জনপ্ৰিয়তা আপোনালোকক নক’লেও হয়টো আপোনালোকে বুজি পায়। এই গৰাকী কন্ঠশিল্পীয়ে তেওঁৰ আগন্তুক গীত সমূহক লৈ চচিয়েল মিডিয়া যোগে বিভিন্ন পোষ্ট কৰি দৰ্শকক আগজাননী দি ৰাখে। উল্লেখ্য যে, কিছু সময় পূৰ্বে মুক্তিপ্ৰাপ্ত তেওঁৰ ন-গীত “অভিমান এনেকুৱাই” এতিয়া বুটলিছে জনপ্ৰিয়তা।


Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.