Rupaliparda.com
প্ৰথম অসমীয়া আংশিক ৰঙীণ ছবি "শকুন্তলা"- 1

প্ৰথম অসমীয়া আংশিক ৰঙীণ ছবি “শকুন্তলা”-

প্ৰথম অসমীয়া আংশিক ৰঙীণ ছবিখন হৈছে ড° ভূপেন হাজৰিকা দ্বাৰা পৰিচালিত “শকুন্তলা”। কালিদাসৰ “অভিজ্ঞানম শকুন্তলম” নাটৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন “ব্লেক এন হোৱাইট” আছিল যদিও ছবিখনত অন্তৰ্ভূক্ত “প্ৰথম প্ৰহৰ ৰাত্ৰি” গীতটি ৰঙীণ ফিল্মত শ্বুটিং কৰা হৈছিল।

প্ৰথম অসমীয়া আংশিক ৰঙীণ ছবি "শকুন্তলা"- 2


১৯৬১ চনত মুক্তি প্ৰাপ্ত এই ছবিখন দুষ্মন্ত-শকুন্তলাৰ প্ৰেমৰ সেই ৰোমাঞ্চক পৌৰাণিক বিষয়টোক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। নৱম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত এই ছবিখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।

প্ৰথম অসমীয়া আংশিক ৰঙীণ ছবি "শকুন্তলা"- 3


“শকুন্তলা” ছবিখনত অভিনয় কৰিছে পবিত্ৰ বৰকটকী, অনিমা গুহ,খগেন মহন্ত,ইভা আচাও, ফণী শৰ্মা আৰু বিদ্যা ৰাওয়ে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.