Rupaliparda.com
বোৱাৰীৰ সৰল স্বভাৱৰ সৈতে নিৰ্মিত এখন অসমীয়া ছবি "লখিমী"- 1

বোৱাৰীৰ সৰল স্বভাৱৰ সৈতে নিৰ্মিত এখন অসমীয়া ছবি “লখিমী”-

১৯৫৬ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “লখিমী”। ভৱেন দাসৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা লখিমী প্ৰডাকচনচৰ লগতে ছবিখনৰ সংগীত আছিল ব্ৰজেন বৰুৱাৰ। সেউজী গাঁৱৰ বাসিন্দা মধু মাষ্টৰৰ পৰিয়ালৰ বিভিন্ন ঘটনা-পৰিঘটনাৰে নিৰ্মিত কাহিনীয়েই হৈছে “লখিমী”।

বোৱাৰীৰ সৰল স্বভাৱৰ সৈতে নিৰ্মিত এখন অসমীয়া ছবি "লখিমী"- 2


মধু মাষ্টৰৰ পুত্ৰৰ বিধৱা বোৱাৰী লখিমীয়ে ঘৰৰ প্ৰত্যেকটো সদস্যক নিজ মৰম-স্নেহেৰে বান্ধি ৰাখিছিল যদিও লখিমীৰ এই ব্যৱহাৰত ইৰ্ষান্বিত হৈ মাষ্টৰৰ দ্বিতীয় পত্নীয়ে তাইক নিজ পিতৃ গৃহলৈ পঠিয়াই দিয়ে। কিন্তু পিছলৈ ঘটনাক্ৰমে, মাষ্টৰৰ দ্বিতীয় পত্নীৰ চকু খোল খায় আৰু পুনৰবাৰ লখিমীক আদৰি লয়। এয়াই হৈছে “লখিমী” ৰ কাহিনীভাগ।

বোৱাৰীৰ সৰল স্বভাৱৰ সৈতে নিৰ্মিত এখন অসমীয়া ছবি "লখিমী"- 3


ছবিখনত অভিনয় কৰিছে প্ৰবীণ ফুকন, জ্ঞানদা কাকতি, ৰাণু ডেকা, বিমল বৰুৱা, অনিল দাস, শুভ বৰুৱা, অমলেন্দু বাগ্চী, পূৰ্ণিমা বৰুৱা, বিমল নাথ আৰু শিশু শিল্পী কল্পনা বৰুৱাই।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.