Rupaliparda.com
সাতোৰঙী কাহিনীৰে জনপ্ৰিয় অসমীয়া ছবি "ৰামধেনু"- 1

সাতোৰঙী কাহিনীৰে জনপ্ৰিয় অসমীয়া ছবি “ৰামধেনু”-

৭০ লাখ বাজেটেৰে নিৰ্মিত এখন অসমীয়া ছবি “ৰামধেনু”; ছবিখনে মুক্তিৰ পিছত দৰ্শকৰ বহুল হাৰত সমাদৰ লাভ কৰাৰ লগতে ছবিখনৰ সৰ্বমুঠ আয় আছিল ২.০৪ কোটি টকা। অসমীয়া শিল্পী জগতৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক লৈ নিৰ্মিত এই ছবিখনৰ পৰিচালনাকে ধৰি কাহিনী, চিত্ৰনাট্য তথা সংলাপ আছিল মুনিন বৰুৱাৰ।

সাতোৰঙী কাহিনীৰে জনপ্ৰিয় অসমীয়া ছবি "ৰামধেনু"- 2


কেইবাটাও চৰিত্ৰৰ কাহিনীক একত্ৰিত কৰি নিৰ্মাণ কৰা হৈছিল “ৰামধেনু” ৰ কাহিনীভাগ। জীৱনৰ পদে পদে সন্মুখীন হোৱা উঠা-নমা তথা অইন ব্যক্তিৰ পৰা বিভিন্ন সময়ত পোৱা বিশ্বাসঘাটকতা, প্ৰতাৰণা আদিৰেই হৈছে “ৰামধেনু”। ছবিখনত অন্তৰ্ভূক্ত জনপ্ৰিয় গীত “ৰং দিয়া মৰম” ৰ চিত্ৰগ্ৰহণ কৰা হৈছিল কেৰালাত। ছবিখনৰ গীতত কন্ঠদান কৰি প্ৰথমবাৰৰ বাবে নেপথ্য কন্ঠশিল্পী ৰূপে চিনাকী লাভ কৰিছিল অংগৰাগ পাপন মহন্তই।

সাতোৰঙী কাহিনীৰে জনপ্ৰিয় অসমীয়া ছবি "ৰামধেনু"- 3


“ৰামধেনু” ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল প্ৰস্তুতি পৰাশৰ, যতীন বৰা, বিষ্ণু খাৰঘৰীয়া, উৎপল দাস, নিশিতা গোস্বামী, তপন দাস,জয়ন্ত দাস, জয়ন্ত ভাগৱতী, পাকিজা বেগম, বিদ্যুৎ চক্ৰৱৰ্তী, কুলদা কুমাৰ, ভট্টাচাৰ্য, জোৱান দত্ত, সুজিত শৰ্মা, পৱিত্ৰ বৰুৱা, অৱতোষ ভূঞা, জয়ন্ত ডেকা, পাৰ্থসাৰথি মহন্ত, ৰাজেশ ভূঞা, ৰাজকুমাৰ ঠাকুৰ, ৰঞ্জীৱলাল বৰুৱা, মিতালী শৰ্মা, জলী লস্কৰ, ধ্ৰুৱজ্যোতি নাথ, মুনমী ফুকন (অতিথি শিল্পী) আৰু প্ৰাঞ্জু বৰাই (শিশু শিল্পী)।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform