Rupaliparda.com
ভূপেন হাজৰিকাকে ধৰি আশা ভোশলে, চনু নিগমৰ সংগীত পৰিচালক জয়ন্ত নাথঃ 1

ভূপেন হাজৰিকাকে ধৰি আশা ভোশলে, চনু নিগমৰ সংগীত পৰিচালক জয়ন্ত নাথঃ

১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ছবি “ধ্ৰুৱতৰা” ৰ পৰা আৰম্ভণি কৰি বৰ্তমানলৈ নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰা এগৰাকী কন্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ লগতে ছবি পৰিচালক হৈছে জয়ন্ত নাথ। গোঁসাইগাঁৱত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীৰ পৰিচালিত শ্ৰৱ্য কেছেট “শৰাইঘাট” ত কন্ঠদান কৰিছিল সুধাকন্ঠ ড° ভূপেন হাজৰিকাই। ইয়াৰ উপৰিও, ভূপেন হাজৰিকাকে ধৰি আশা ভোশলে, জুবিন গাৰ্গ,চনু নিগম, অভিজিত, শান্তা উজীৰ আদি বহুতো জনপ্ৰিয় কন্ঠশিল্পীৰ সংগীত পৰিচালনা কৰে জয়ন্ত নাথে।

ভূপেন হাজৰিকাকে ধৰি আশা ভোশলে, চনু নিগমৰ সংগীত পৰিচালক জয়ন্ত নাথঃ 2
ভূপেন হাজৰিকাকে ধৰি আশা ভোশলে, চনু নিগমৰ সংগীত পৰিচালক জয়ন্ত নাথঃ 3


ইয়াৰ উপৰিও তেওঁ ১২ খন ছবিত সহঃপৰিচালক ৰূপে কাম কৰাৰ উপৰিও অসমীয়া ৩ খন ছবিত সংগীত পৰিচালক হিচাপে কাম কৰে। ড° ভূপেন হাজৰিকাৰ প্ৰথম গীত “কুসুম্বৰ পুত্ৰ” ৰ বাণীবন্ধনো তেওঁ সম্পন্ন কৰে।

Add comment

Leave a Reply