মাজত মাত্ৰ কেইটামান দিন।আহি আছে বলীউডৰ তাৰকাৰে জিলিকা এটা দিন। আগন্তুক ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডক লৈ বৰ্তমান ব্যস্ত অসমবাসী। শ্বাহৰুখকে ধৰি বিকি কৌশল,আলিয়া ভাটক আদৰিবলৈ উৎসাহিত হৈ পৰিছে এতিয়া প্ৰত্যেকজন।

এইখিনিতে আকৌ এটা নতুন খবৰ দৰ্শকৰ বাবে দিছে “আছাম টুৰিজিম ডেভলপমেন্ট কৰপো’ৰেছন” চমুকৈ “ATDC” য়ে। ১৫ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই এৱাৰ্ড শ্ব’ ত ১২ মিনিটৰ বাবে অসমীয়া সংস্কৃতিত অন্তৰ্ভূক্ত তিনিটা নৃত্য প্ৰদৰ্শন কৰা হ’ব সমগ্ৰ দৰ্শকৰ আগত। মুঠ ১১৫ গৰাকী শিল্পী তথা কলা-কুশলী লগ হৈ দৰ্শকৰ আগত প্ৰদৰ্শন কৰিব অসমীয়া সংস্কৃতি।


সত্ৰীয়া নৃত্যৰ গুৰু যতীন গোস্বামীৰ প্ৰশিক্ষণেৰে মুঠ ৩৫ গৰাকী শিল্পীক লৈ প্ৰদৰ্শন কৰা হ’ব ক্লাছিকেল ডেন্স। লগতে, ৰঞ্জিত গগৈৰ পৰিচালনাৰে বিহু তথা ট্ৰাইবেল ফিউজন নৃত্য প্ৰদৰ্শন কৰা হ’ব। উক্ত একোটা নৃত্য প্ৰদৰ্শনত ৪০ গৰাকীকৈ শিল্পীক অন্তৰ্ভূক্ত কৰা হ’ব। ইয়াৰ উপৰিও, অসমীয়া অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু আইমী বৰুৱাইও নৃত্য প্ৰদৰ্শন কৰিব এই অনুষ্ঠান খনত।
Add comment