Rupaliparda.com
বিকি-কেটৰিণাই কৰিব ভিন্ন একচনঃ চুপাৰহিৰো' ছবিত দুয়ো তাৰকা- 1

বিকি-কেটৰিণাই কৰিব ভিন্ন একচনঃ চুপাৰহিৰো’ ছবিত দুয়ো তাৰকা-

প্ৰায়ে এজন অভিনেতাক নিজৰ এক সীমাবদ্ধতা ৰখা দেখিবলৈ পোৱা যায়; তেওঁলোকে নিজৰ চৰিত্ৰ ঠিক তেনেদৰেই বিচাৰ কৰে য’ত তেওঁলোকক দেখিবলৈ ভাল লাগে অথবা সেই চৰিত্ৰটোৰে ছবিখন বস্ক অফিচত চলাৰ সম্ভাৱনা থাকে। কিন্তু, এইখিনিতে অভিনেতা বিকি কৌশলৰ নাম যদি উল্লেখ কৰা হয় তেনেহ’লে কোৱা বাহুল্য যে, বিকি এগৰাকী এনে অভিনেতা যিয়ে নিজৰ ছবি সমূহৰ দ্বাৰা দৰ্শকক নতুনত্ব দিব বিচাৰে। বৰ্তমান তেওঁ আগন্তুক “ভূত” ছবিখনৰ প্ৰচাৰৰ সৈতে জড়িত আছে যদিও কিছুদিন পূৰ্বে ঘোষণা কৰা হৈছিল যে তেওঁক আদিত্য ধৰৰ এখন চুপাৰহিৰো’ ছবিত দেখিবলৈ পোৱা যাব।

বিকি-কেটৰিণাই কৰিব ভিন্ন একচনঃ চুপাৰহিৰো' ছবিত দুয়ো তাৰকা- 2


“উৰিঃ দা চাৰ্জিকেল ষ্ট্ৰাইক” ছবিখনৰ নিৰ্মাতা আদিত্য ধৰৰ আগন্তুক ছবিখনৰ নাম হ’ব “The Immortal Ashwatthama”। ইয়াৰ সমান্তৰালকৈ, অভিনেত্ৰী কেটৰিণা কাইফেও এখন চুপাৰহিৰো ছবিত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে। কিন্তু, এইখন বিকি কৌশলৰ ছবিতকৈ সম্পূৰ্ণ বেলেগ।

বিকি-কেটৰিণাই কৰিব ভিন্ন একচনঃ চুপাৰহিৰো' ছবিত দুয়ো তাৰকা- 3


কেটৰিণাৰ ঘনিষ্ঠ বন্ধু আলী আব্বাছৰ ছবিত কাম কৰিব অভিনেত্ৰী গৰাকীয়ে। ৰিপোৰ্টনুসৰি, এই ছবিখন লিখাৰ উপৰিও প্ৰডাকচন আৰু নিৰ্দেশন তেওঁ নিজেই কৰিব। এই ছবিখনত কেটৰিণাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিব। চৰিত্ৰটোৰ বাবে কেটৰিণা উপযোগী বুলিও কোৱা হৈছে।

বিকি-কেটৰিণাই কৰিব ভিন্ন একচনঃ চুপাৰহিৰো' ছবিত দুয়ো তাৰকা- 4


গতিকে, ভিন্ন একচন ছবিত ভিন্ন একচনেৰে সৈতে দৰ্শকে দেখিবলৈ পাব দুয়ো তাৰকাক।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.