Rupaliparda.com
"ভেলেন্টাইন স্পেচিয়েল" ত দীক্ষুৰ কন্ঠৰে "নিয়ৰ"- 1

“ভেলেন্টাইন স্পেচিয়েল” ত দীক্ষুৰ কন্ঠৰে “নিয়ৰ”-

নিজ কন্ঠৰে শ্ৰোতাৰ হৃদয় জয় কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত জগতৰ এগৰাকী উল্লেখ্যনীয় কন্ঠশিল্পী। গীতসমূহত এক ব্যতিক্ৰমী মছলা ঢালি শ্ৰোতাৰ মাজত উলিয়াই দিয়া এই গৰাকী কন্ঠশিল্পীৰ প্ৰত্যেকটো গীতেই হৈছে জনপ্ৰিয়। ৰোমান্টিক, বিহু সুৰীয়া আদি বিভিন্ন গীতেৰে শ্ৰোতাক আকৰ্ষণ কৰি নিতৌ অনুৰাগীৰ তালিকা বৃদ্ধি কৰিছে এই গৰাকী কন্ঠশিল্পীয়ে।

"ভেলেন্টাইন স্পেচিয়েল" ত দীক্ষুৰ কন্ঠৰে "নিয়ৰ"- 2
"ভেলেন্টাইন স্পেচিয়েল" ত দীক্ষুৰ কন্ঠৰে "নিয়ৰ"- 3


উল্লেখ্য যে, বিগত বছৰত মুক্তিপ্ৰাপ্ত ৰোমান্টিক গীত “পাৰিজাত” ৰ পিছত আকৌ এবাৰ “ভেলেন্টাইন উইক” ত তেওঁ শ্ৰোতালৈ উপহাৰ দিব এক ৰোমান্টিক গীত। “ভেলেন্টাইন ডে” অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীৰ সমান্তৰালকৈ মুক্তি লাভ কৰিব দীক্ষুৰ কন্ঠৰে “নিয়ৰ”। গীতটি লিখিছে আশ্ৰৱিকে লগতে ইয়াত সংগীত দিছে ত্ৰিয়ন মহন্তই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.