Rupaliparda.com
নীল আকাশৰ ৰোমান্টিক গীত "তুমি" ৰ ট্ৰেইলাৰঃ 1

নীল আকাশৰ ৰোমান্টিক গীত “তুমি” ৰ ট্ৰেইলাৰঃ

ফাগুনৰ আৰম্ভণিৰ পূৰ্বেই এক অজান প্ৰেমৰ ঢৌ বলিছে অসমীয়া সংগীত ক্ষেত্ৰখনত। প্ৰেমৰ সপ্তাহটোত অসমীয়া কন্ঠশিল্পীয়ে একোটাকৈ প্ৰেমৰ গীত উপহাৰ স্বৰূপ দিছে তেওঁলোকৰ অনুৰাগী ও সমগ্ৰ শ্ৰোতাক। তৰালি শৰ্মাৰ “Let’s Talk About Love” অনুষ্ঠানটিয়ে ভালপোৱাৰ এক ন-সংজ্ঞা দিয়াৰ পিছতেই দীক্ষুয়ো আগজাননী দিছে তেওঁৰ আগন্তুক ৰোমান্টিক গীতৰ। সমান্তৰালকৈ, কন্ঠশিল্পী নীল আকাশেও মুকলি কৰিলে তেওঁৰ আগন্তুক ৰোমান্টিক গীত “তুমি” ৰ ট্ৰেইলাৰ।

নীল আকাশৰ ৰোমান্টিক গীত "তুমি" ৰ ট্ৰেইলাৰঃ 2
নীল আকাশৰ ৰোমান্টিক গীত "তুমি" ৰ ট্ৰেইলাৰঃ 3
View this post on Instagram

‘TUMI’, releasing on 12th Feb.

A post shared by Himakshi Kalita (@kalitahimakshi321) on

“বৈদেহী” ও “পৰিণীতা” খ্যাত অভিনেত্ৰী হিমাক্ষী কলিতাক দেখিবলৈ পোৱা গীতটিৰ ভিডিঅ’ত। অহা কাইলৈ অৰ্থাৎ ১২ ফেব্ৰুৱাৰী তাৰিখে মুক্তি পাবলগীয়া এই গীতটিক লৈ বিভিন্ন পোষ্ট দি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে অভিনত্ৰী গৰাকীয়ে। উল্লেখ্য যে, “তোমাৰ উশাহতে”, “চুমা দিয়ানা” ইত্যাদি প্ৰেমৰ গীতেৰে ইতিমধ্যে নীল আকাশে শ্ৰোতাৰ হৃদয়ত বাস কৰিছে। গতিকে, পুনৰ এক ৰোমান্টিক গীতৰ মুক্তিৰ খবৰে এতিয়া তেওঁৰ অনুৰাগীক উৎসাহিত কৰি তুলিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.