গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰণৱ ভৰালীৰ “I’m Good” য়ে লাভ কৰিলে আকৌ এক সফলতা। “Filmeraa International Film Festival” ত শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপ লাভ কৰাৰ পিছত আকৌ এবাৰ এই ছবিখনে লাভ কৰিলে “12th International Guwahati Film Festival 2019” ত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা।


বাণিজ্যিকভাৱে ফিচাৰ ফিল্ম সমূহ সফল হোৱাৰ লগতে সফলতাৰ সোৱাঁদ ল’বলৈ সক্ষম হৈছে চুটি ছবি সমূহো। উল্লেখ্য যে, উক্ত চুটি ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত লাভ কৰিছে সফলতা। পৰিচালক প্ৰণৱ ভৰালীৰ কাহিনী, চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে নৱ প্ৰজন্মৰ অভিনেতা কমল লোচনে।
Add comment