অসমীয়া মেখেলা-ছাদৰেৰে চচিয়েল মিডিয়া জয় কৰিছে এগৰাকী অসমীয়া অভিনেত্ৰীয়ে। বিভিন্ন ফটো অথবা ভিডিঅ’ আপলোড কৰি চচিয়েল মিডিয়াত প্ৰায়ে একটিভ হৈ থকা দেখিবলৈ পোৱা যায় এই অভিনেত্ৰী গৰাকীক। ছবি জগতৰ ফিট অভিনেত্ৰী আইমী বৰুৱাৰ অভিনয়ৰ অনুৰাগী প্ৰায় প্ৰত্যেকজন অসমীয়া।

নিজ পুত্ৰ-কন্যাৰ সৈতে তেওঁ উদযাপন কৰা বিভিন্ন উৎসৱৰ ফটো ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। আকৌ এবাৰ, অভিনেত্ৰী আইমীয়ে মেখেলা ছাদৰ পিন্ধি চচিয়েল মিডিয়াত কৰা পোষ্টে এতিয়া দৰ্শকক আকৰ্ষিত কৰি তুলিছে। অভিনেত্ৰী গৰাকীয়ে ফটোৰ কেপছনত লিখে ” ছাদৰ-মেখেলা; আমাৰ ফেশ্বনেই আমাৰ শক্তি, চিনাকী আৰু আমাৰ ভাষা”।
Add comment