বলীউড চুপাৰষ্টাৰ ছলমান খানৰ আগন্তুক ছবি “কভি ঈদ কভি দিৱালী” ৰ আনুষ্ঠানিক ঘোষণা হোৱাৰ পিছতেই দৰ্শক জানিবলৈ উৎসাহিত হৈ পৰিছিল যে কোনে ৰূপায়ন কৰিব এই ছবিখনৰ মূখ্য চৰিত্ৰ? গতিকে আপোনালোকক জনাই থওঁ, উক্ত ছবিখনত “হাউচফুল ৪” আৰু “মহেঞ্জোদাৰো” ত অভিনীত অভিনেত্ৰী পূজা হেগড়েক দেখিবলৈ পোৱা যাব।


ছবিখনৰ প্ৰযোজক সাজিদ নাডিয়াৱালাই এই কথাৰ স্পষ্টীকৰণ কৰি কয় যে, “পূজা হেগড়েৰ সৈতে হাউচফুল ৪ ত কাম কৰাৰ পিছতেই মোৰ অনুভৱ হৈছিল যে “কভি ঈদ কভি দিৱালী” ৰ ছবিখনৰ বাবে পূজা হেগড়ে” উপযুক্ত। ইয়াৰ লগতে তেওঁ আগন্তুক এই ছবিখন এখন ফেমিলী ড্ৰামা বুলিও ব্যক্ত কৰে।
Add comment