সাধাৰণতে, সকলো মুক্তিপ্ৰাপ্ত ছবিয়ে জনসাধাৰণৰ মন মগজুত স্থিতি লাভ নকৰে। কিন্তু ইয়াৰ ভিতৰত এনে কিছুমান ছবিয়ো আছে যিয়ে মুক্তি লাভ কৰাৰ পিছতেই দৰ্শকক আকৰ্ষিত কৰিবলৈ লয়। ছবিখনৰ কাহিনী সৰল অথচ সাধাৰণ হ’লেও ছবিখনে দৰ্শকৰ মনমগজুত স্থিতি লাভ কৰে।


এনে ছবিসমূহৰ ভিতৰতেই উল্লেখযোগ্য ছবি এখন হৈছে “মাজ ৰাতিৰ কেতেকী”। ২০১৭ বৰ্ষত সান্তনা বৰদলৈৰ পৰিচালনাৰে মুক্তি লাভ কৰা এই ছবিখনে এক বহল সংখ্যাত দৰ্শকৰ পৰা লাভ কৰিছিল সহাঁৰি।

এগৰাকী লিখকৰ জীৱন কাহিনীৰ মাজেৰে পৰিচালকে জীৱনৰ কিছু সত্যক আকোঁৱালি লোৱাৰ উৎসাহ দিছে জনসাধাৰণক। “প্ৰিয়েন্দু হাজৰিকা” নামৰ চৰিত্ৰটোৰ লগতেই ঘূৰি আছে ছবিখনৰ কাহিনীভাগ। ১০ বছৰৰ এক দীৰ্ঘ সময়ৰ অন্তত যেতিয়া লিখক প্ৰিয়েন্দু হাজৰিকা তেওঁৰ আপোন ঠাইলৈ ঘূৰি গৈছিল; সেই সময়ৰ তেওঁৰ মনস্তাত্বিক অৱস্থাটো দেখুওৱা হৈছে ছবি “মাজ ৰাতিৰ কেতেকী”ত।

ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, ছাকিল ইমতিয়াজ, মহেন্দ্ৰ ৰাভা, সুলক্ষণা বৰুৱা আৰু ৰাহুল গৌতম শৰ্মাই।
Add comment